বাঘজানৰ সন্দৰ্ভত লোকসভাত কি ক’লে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্রধানে…

বাঘজানৰ সন্দৰ্ভত লোকসভাত কি ক’লে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্রধানে…

ডিজিটেল ডেস্কঃ লোকসভাত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাঘজানৰ সন্দৰ্ভত উল্লেখ কৰে। তেওঁ কয় যে, বাঘজান খাদত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত বহু লোকৰ লগতে সা-সম্পত্তিৰো ক্ষতি হৈছে। প্ৰায় ৩০০০ ক্ষতিগ্ৰস্ত পৰিয়ালক ৰখা হৈছে শিবিৰত।

তেওঁ লগতে উল্লেখ কৰে যে, টিইআৰআইয়ে এম্বিয়েন্ট এয়াৰ কোৱালিটী চমুকৈ এএকিউ, চিএছআইআৰে বায়'ৰেমেডিয়েশ্যন, চিএছআইআৰ নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকনল'জীয়ে ছিছম'ল'জিকেল ষ্টাডী, হীট ইমপেক্টৰ ওপৰত আইআইটি গুৱাহাটীয়ে কাম কৰি আছে। লগতে তেওঁ কয় যে, এই অগ্নিকাণ্ডত কোনো স্থানীয় লোকৰ মৃত্যু হোৱা নাই যদিও, অইল ইণ্ডিয়া লিমিটেডৰ তিনিজনকৈ কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে।

ইফালে, জিলা পৰিষদে এখন কমিটী গঠন কৰি দিছে, যিখন কমিটীয়ে বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ-অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসকলৰ বাবে। ৮ ছেপ্টেম্বৰ, ২০২০লৈকে ডুমডুমা আৰু তিনিচুকীয়াৰ ২,৭৫৬টা ক্ষতিগ্ৰস্ত  পৰিয়াল চিনাক্ত কৰা হৈছে। তদুপৰি, ৩৬৪৫টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৩০হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব।

তিনিটা কেটেগ'ৰীত এই ক্ষতিগ্ৰস্ত লোকসকলক চিনাক্ত কৰি সাহায্য প্ৰদান কৰা হ'ব। প্ৰথম কেটেগ'ৰীত যিসকল লোকৰ বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হৈছে তেওঁলোকক ২৫ লাখ টকাকৈ, কেটেগ'ৰীত দ্বিতীয়ত ১০ লাখ টকাকৈ দিয়া হ'ব, যিসকলৰ বাসগৃহ কিছু পৰিমানে ক্ষতিগ্ৰস্ত হৈছে। তৃতীয় কেটেগৰীৰ ক্ষতিগ্ৰস্ত লোকসকলক ২.৫ লাখ টকাকৈ দিয়া হ'ব।

 অইল ইণ্ডিয়াৰ নিৰাপত্তাৰ দিশত ছেফটী এৱাৰনেছ, ইন্সপেকশ্যন আৰু অডিট, ছেফ অপাৰেশ্যন প্ৰচেডিউৰ, ছেফটী ট্ৰেইনিং, ইমাৰ্জেঞ্জী ৰেস্পন্স আৰু ম'ক ড্ৰিল, এমপ্ল'য় পাৰ্টিচিপেশ্যন, অকুপেশ্যনেল হেলথ মনিট'ৰিং, পাৰ্ছনেল প্ৰটেক্টিভ ইকিউপমেন্ট, কন্ট্ৰেক্টৰ পাৰ্ছনেল ছেফটী মেনেজমেন্ট,ৰেগুলাৰ ছেফটী মিটিং, এক্সিডেন্ট/ডেনজেৰাছ অকিউৰেন্স ৰিপৰ্টিং, টেকনল'জী আদি উন্নত কৰা হ'ব।

পেট্ৰ'লিয়াম মন্ত্ৰণালয়ে গঠন কৰিছে তিনিজনীয়া এখন তদন্ত কমিটী। বাঘজানৰ এই ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰি দিয়া হৈছে এই কমীটখন। তদুপৰি, অতিৰিক্ত তদন্তৰ বাবেও ডিজিএমএছ আৰু অআইএছডিয়েও এখন কমিটী গঠন কৰি দিয়া হৈছে এখন কমিটী। লগতে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্রধানে জনাইছে যে, বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ পূৰ্বে খাদটোৰ কাম-কাজ প্ৰত্যক্ষভাৱে চোৱাচিতা কৰা অইলৰ দুগৰাকী বিষয়াক নিলম্বন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in