নগাঁও উপায়ুক্তলৈ ভি কে সিঙৰ ফোন, কোৰোনাৰ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে…

নগাঁও উপায়ুক্তলৈ ভি কে সিঙৰ ফোন, কোৰোনাৰ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে…

ডিজিটেল ডেস্কঃ অসমৰ পৰিস্থিতি সন্দৰ্ভত কেইবাখন জিলা উপায়ুক্তলৈ ফোন কৰি খবৰ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে। উল্লেখ্য যে, প্রধানমন্ত্ৰী মোডীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ মন্ত্ৰীসকলক কোৰোনা ভাইৰাছৰ সন্দৰ্ভত নজৰ ৰাখিবলৈ ভাগে ভাগে দায়িত্ব অৰ্পণ কৰিছে।

প্ৰতিখন ৰাজ্যৰ দায়িত্ব দিছে একো একোজন কেন্দ্ৰীয় মন্ত্ৰীক। সেই অনুসৰি অসমৰ এই কোৰোনা ভাইৰাছৰ পৰিস্থিতি সন্দৰ্ভত জিলা উপায়ুক্তসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সকল।

কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে প্ৰধানমন্ত্ৰীৰ এই দায়িত্ব পোৱাৰ পাছতেই তৎপৰ হৈ পৰে। তেওঁ মুলত নগাঁও জিলা উপায়ুক্তক ফোন কৰি এই সময়চোৱাত ৰাজ্যৰ বাহিৰৰ পৰা অহা ৩২০০ যুৱক-যুৱতীৰ স্ক্ৰিণিং টেষ্ট আৰু তেওঁলোকক কেনেদৰে ৰখা হৈছে সেই সন্দৰ্ভত সবিশেষ তথ্যৰ গম লয়।

এইখিনিতে মন কৰিব লগা যে,অসমৰ হোজাই, নগাঁও জিলাৰ বহু সংখ্যক যুৱক যুৱতী ৰাজ্যৰ বাহিৰৰ পৰা এই সময়চোৱাত ঘৰলৈ ঘূৰি আহিছে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নগাঁও জিলা উপায়ুক্তৰ লগতে আন কেইবাখনো জিলাৰ উপায়ুক্তলৈ ফোন কৰি জিলাসমূহত থকা খাদ্য সামগ্ৰী, চিকিৎসা কৰ্মীসকলৰ তৎপৰতা আৰু লকডাউনৰ সময়ত ৰাইজৰ সহযোগ কেনে এই বিষয়েও বুজ লয়।

ইতিমধ্যে জটিল হৈ পৰিছে কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি । ভাৰতত এই মুহূৰ্তলৈকে ১৬জন লোকৰ মৃত্যু হৈছে কোৰোনাত আক্ৰান্ত হৈ। এই ভাইৰাছত সংক্ৰমিত হোৱা লোকৰ সংখ্যাও ৭০০ৰো অধিক হৈছে। বৃহস্পতিবাৰৰ দিনটোতে ৮৮জন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

যিসকল কেন্দ্ৰীয় মন্ত্ৰীক প্ৰতিখন ৰাজ্যৰ তদাৰকী দায়িত্ব দিয়া হৈছে, সেই মন্ত্ৰীসকলে জিলা উপায়ুক্ত আৰু আৰক্ষী উচ্চপদস্থ বিষয়াসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগ ৰাখি সেই সন্দৰ্ভত তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰিব লাগিব। বৃহস্পতিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল প্রধানমন্ত্ৰীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in