১৪ আৰু ১৭ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

১৪ আৰু ১৭ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

ডিজিটেল ডেস্ক : সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসক বিৰোধী । শাসকীয় দল বিজেপিৰ বহু কেই গৰাকী ষ্টাৰ কেম্পেনাৰে প্ৰচাৰ চলাব অসমত । শনিবাৰে বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ।

ইফালে ১৪ মাৰ্চত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,১৫ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, আৰু শিৱৰাজ সিং চৌহান অসমত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । আনহাতে ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত আহি মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মা আৰু নাজিৰাৰৱ প্ৰাৰ্থী ময়ূৰ বুঢ়াগোহাইৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

ইফালে ১৭ মাৰ্চত পুনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ আৰু শদিয়াত বলিন চেতিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । বিজেপিৰ ৰাষ্ট্ৰীয় নেতা সমূহৰ আগমনকলৈ তৎতপৰ হৈ পৰিছে অসম প্ৰদেশ বিজেপি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in