কৃষক সংগঠনৰ সৈতে বৈঠকত ডেৰ বছৰলৈ কৃষি আইন বলবৎ নকৰাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ…

কৃষক সংগঠনৰ সৈতে বৈঠকত ডেৰ বছৰলৈ কৃষি আইন বলবৎ নকৰাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ…

ডিজিটেল ডেস্ক : নতুন কৃষি আইন সন্দৰ্ভত দিল্লীৰ সীমা অঞ্চলত প্ৰতিবাদ এতিয়াও অব্যাহত আছে কৃষক সংগঠন সমূহৰ। কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষক সংগঠন সমূহে দিল্লীৰ বিজ্ঞান ভৱনত বুধবাৰে দশমলানি বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন ডেৰ বছৰলৈ বলবৎ নকৰাৰ প্ৰস্তাৱ দিয়ে কৃষক সংগঠন সমূহক ।

কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ত শপতনামাৰ জৰিয়তে ডেৰ-দুই বছৰলৈ কৃষি আইন স্থিগিত ৰখাৰ প্ৰস্তাৱ দিছিল কৃষক সংগঠন সমূহক । সংগঠন সমূহে এই প্ৰস্তাৱ গ্ৰহন নকৰাৰ বিপৰীতে এই প্ৰস্তাৱ সম্পৰ্কে কৃষক সংগঠন সমূহ বৃহস্পতিবাৰে আলোচনাত মিলিত হ'ব ।

ইফালে বৈঠকত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিলৰ বাবে কমিটি গঠন কৰি ডেৰ দুই বছৰলৈ কমিটি খনে দিয়া প্ৰস্তাৱৰ ভিত্তিত কৃষি আইন বলবৎ কৰাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰিব কৃষক সংগঠন সমূহক প্ৰস্তাৱ দিয়ে । কৃষক সংগঠন সমূহে এই সন্দৰ্ভত মতামত ২২ জানুৱাৰীৰ পৰবৰ্তী বৈঠক জনাব বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in