সৰুসজাইক খেলো ইণ্ডিয়া চেন্টাৰ অৱ এক্সিলেঞ্চ হিচাপে উন্নীতকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ…

সৰুসজাইক খেলো ইণ্ডিয়া চেন্টাৰ অৱ এক্সিলেঞ্চ হিচাপে উন্নীতকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰনালয়ে ৬খন ৰাজ্যত খেলো ইণ্ডিয়া চেন্টাৰ অৱ এক্সিলেঞ্চ হিচাপে গঢ়াৰ বাবে অনুমোদন কৰিছে। ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ ৩ টা কেন্দ্ৰ হৈছে অসম মেঘালয় আৰু চিকিম। ২০২০-২১ বৰ্ষত কেন্দ্ৰ কেইটাৰ উন্নীতকৰণৰ বাবে প্ৰায় ৬৭,৩২ কোটি টকাৰ এখন বাজেট ধাৰ্য কৰা হৈছে যাতে।আগন্তুক ৪ বছৰত অলিম্পিক পৰ্যায়ৰ প্ৰতিভা গঢ়াৰ উদ্দেশ্যে এই কেন্দ্ৰ কেইটাৰ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে গুৱাহাটীৰ সৰুসজাই ৰাজ্যিক ক্ৰীড়া একাডেমীলৈ ৭.৯৬ কোটি টকাৰ আৱন্টন কৰা হ'ব। অন্যহাতে শ্বিলঙৰ জেএনএছ কেন্দ্ৰটোলৈ ৮.৩৯ টকা আৱন্টন কৰাৰ বিপৰীতে গেংকটক কেন্দ্ৰটোলৈ ৭.৯১ কোটি টকা অনুমোদন কৰা হৈছে।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in