হয়, মোডীৰ চৰকাৰতে সৰ্বাধিক বৃদ্ধি পাইছে নিবনুৱা সমস্যাঃ স্বীকাৰ কেন্দ্ৰীয় চৰকাৰৰ

হয়, মোডীৰ চৰকাৰতে সৰ্বাধিক বৃদ্ধি পাইছে নিবনুৱা সমস্যাঃ স্বীকাৰ কেন্দ্ৰীয় চৰকাৰৰ

ডিজিটেল ডেস্কঃ নিবনুৱা সমস্যাক লৈ লোকসভা নিৰ্বাচন, ২০১৯ৰ পূৰ্বে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ। বিগত ৪৫ বছৰৰ ভিতৰত মোডীৰ কাৰ্যকালতে সৰ্বাধিক নিবনুৱা সমস্যা বৃদ্ধি পোৱা বুলি এক চৰকাৰী সমীক্ষাত প্ৰকাশ পাইছিল যদিও সেয়া ভুল আৰু বিৰোধীৰ চক্ৰান্তমূলক মনে সজা সমীক্ষা বুলি দাবী কৰিছিল বিজেপিয়ে। যাৰ পৰিপ্ৰেক্ষিতত নিবনুৱা সমস্যাক লৈ বিৰোধী সৰৱ হৈ থাকিলেও সিয়ে লোকসভা নিৰ্বাচনত বিজেপিৰ জয়যাত্ৰাত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে।

আনহাতে লোকসভা নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ চৰকাৰ গঠন কৰি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোডীয়ে। লগতে পদ আৰু গোপনীয়তাৰ শপত লয় মোডী মন্ত্ৰীসভাত ৫৭ গৰাকী ন-পুৰণি মন্ত্ৰীয়ে। ইফালে বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা শপত গ্ৰহণৰ এদিন পিছত অৰ্থাৎ শুকুৰবাৰে মোডী চৰকাৰে স্বীকাৰ কৰি লৈছে নিবনুৱা সমস্যা বৃদ্ধিৰ সমীক্ষা। লীক হোৱা চৰকাৰী সমীক্ষাটো সত্য আছিল বুলি স্বীকাৰ কৰি শুকুৰবাৰে চৰকাৰে ভাৰতত বৃদ্ধি পোৱা নিবনুৱাৰ নতুন সমীক্ষা প্ৰকাশ কৰে।

চৰকাৰী সমীক্ষা অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষত ভাৰতত ৬.১ শতাংশ নিবনুৱা সমস্যা বৃদ্ধি পাইছে। এয়া বিগত ৪৫ বছৰৰ ভিতৰতে সৰ্বাধিক। সমীক্ষা অনুসৰি চহৰ অঞ্চলত ৭.৮ শতাংশ সক্ষম যুৱক এতিয়াও সংস্থাপনহীন হৈ থকাৰ বিপৰীতে গ্ৰামাঞ্চলত এই পৰিমাণ হৈছে ৫.৩ শতাংশ। আনহাতে ২০১৮-১৯ বিত্তীয় বৰ্ষত জিডিপিৰ সমৃদ্ধি দৰ ৫.৮ শতাংশ হ্ৰাস পাইছে বুলিও চৰকাৰী সমীক্ষাটোত প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in