৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা…

193

ডিজিটেল সংবাদ, গুৱাহাটীঃ পানীমূৰ। কপিলীৰ উৎপত্তিস্থলক পানীমূৰ বুলিয়েই সকলোৱে জানে। অসমৰ ৫টা আন্তৰ্জাতিক পৰ্যায়ৰ ভিতৰত কাজিৰঙাক বাদ দি দ্বিতীয় স্থানত থকা সৰ্বশ্ৰেষ্ঠ পৰ্যটনস্থলী আছিল পানীমূৰ। মূৰ শব্দৰ অৰ্থ আচলতে কপিলীৰ মূৰ নহয়, প্ৰচণ্ড শব্দহে। পাহাৰৰ ওপৰৰ পৰা প্ৰচণ্ড শব্দৰে বৈ অহা জলপ্ৰপাতটো আৰু চৌপাশৰ মনোৰম দৃশ্যৰ বাবেই বৰ্তমানৰ ডিমা হাচাও জিলাৰ উমৰাংছু অঞ্চলৰ এই পানীমূৰলৈ বছৰী হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটিছিল। পানীমূৰ কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নহয়, ই হ’ল সমগ্ৰ জিলাখনৰ কল্পনাদিত প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যপূৰ্ণ এক অদ্বিতীয় ভঁৰাল।

কিন্তু এটা সময়ত দৰ্শকৰ আকৰ্ষণৰ থলী পানীমূৰ হৈ পৰিছিল উগ্ৰপন্থীৰ নিৰাপদ ঘাটি। লাহে লাহে তালৈ যাবলৈ এৰি দিছিল পৰ্যটকে। কিন্তু প্ৰাকৃতিক সম্পদৰ বাবেই চৰকাৰে ইয়াত স্থাপন কৰিছিল মাইনছ এণ্ড মিনাৰেলছ ডেভেল’পমেন্ট ক’ৰ্পাৰেশ্যনৰ মুখ্য কাৰ্যালয়। তাৰ পৰা ১৪ মাইল আঁতৰত স্থাপিত হৈছিল নীপক’ৰ অধিনস্থ কপিলী জলবিদ্যুৎ প্ৰকল্প। পাঠক ৰাইজে শুনি আচৰিত হ’ব যে, ভূ-গৰ্ভস্থ অভাৱনীয় প্ৰাকৃতিক সম্পদত চহকী এই উমৰাংছু এলেকাত আছে ১৬টাকৈ কয়লাৰ ব্ল’ক। ইয়াৰে ১৩টা ব্ল’কত বছৰ বছৰ ধৰি খনন চলিআছে যদিও ইয়াৰ নামত চৰকাৰ বা স্বায়ত্ত পৰিষদে ন্যূনতম ৰাজহহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

কিয়নো এই কয়লাৰ ব্ল’কসমূহ আছে বৰ্তমানৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোচাৰ পত্নী অঙহিবঙহিৰ লগতে দিছপুৰীয়া প্ৰভাৱশালী মন্ত্ৰীৰ এজেন্টৰ হাতত। এই প্ৰতিটো কয়লাৰ ব্ল’কৰ এলেকাৰ পৰিমান হ’ল ৫০০ বিঘা। বিধি অনুযায়ী ভূ-গৰ্ভস্থ সম্পদৰ ওপৰত কৰ্তৃত্ব যদিও কেন্দ্ৰীয় চৰকাৰৰ, ডিমাহাচাওত এই বৃহৎ কয়লাৰ ব্ল’কসমূহৰ ওপৰত কৰ্তৃত্ব সাব্যস্ত কৰণৰ বাবেই ষষ্ঠ অনুসুচীভুক্ত এলেকাৰ অজুহাতত দিছপুৰৰ প্ৰভাৱশালী চক্ৰই সদায় ইয়াত স্বতন্তৰীয়া কৰ্তৃত্ব সাব্যস্ত কৰি আহিছে। শেহতীয়াকৈ পুনৰ ৩টা ব্ল’কৰ অনুমোদনো লোৱাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত দিছপুৰৰ এজন অতি প্ৰতাপী যুৱ মন্ত্ৰীয়ে সকলো দিশ চোৱাচিতা কৰিছে।

এই ক্ষেত্ৰত স্বায়ত্ত পৰিষদৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী গৰাকী জড়িত হৈ থকাৰ বাবেই চিবিআইৰ গোচৰত আদালতে তেওঁক কাৰাদণ্ড বিহাৰ পাছতো বিজেপিৰ চৰকাৰে বৰ্তমানলৈকে তেওঁক অপসাৰণ কৰা নাই। ইফালে, উমৰাংছু কেৱল কয়লাৰ খনিয়ে নহয়। ইয়াত আছে চূনশিলৰো বিশাল ভঁৰাল। এই ভঁৰালৰ বৃহৎ ৪টা ব্ল’কৰ দায়িত্বত বিনয় চিমেন্টে ৪৫ বছৰে কৰ্তৃত্ব চলাইছিল যদিও শেহতীয়াকৈ বিনয় চিমেন্টৰ অৱস্থা বেয়া হোৱাৰ সুযোগ লৈ দিছপুৰৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে স্বায়ত্ত পৰিষদৰ আত্মীয়ক সহযোগত লৈ এই তিনিওটা চূনশিলৰ ভঁৰালৰ দায়িত্ব চমজি লোৱাৰ বাবে উঠি পৰি লাগিছে।

ইয়াৰ বাবে বিনয় চিমেন্টৰ সৈতে ডালমিয়া চিমেন্টৰ এক আভ্যন্তৰীন বুজাবুজিৰ চুক্তিও সম্পাদন কৰা হৈছে। ইফালে, কয়লা-চূনশিলৰ খননৰ নামত উমৰাংছু এলেকাৰ প্ৰায় ৫০০০ বিঘা মাটি উৎখাত কৰাৰ পাছত দলটোৰ চকু পৰিছে এইবাৰ পানীমূৰৰ সমীপৱৰ্তী এলেকাত। কিয়নো এই এলেকা শিল আৰু বালিৰে পৰিপূৰ্ণ। সেই বাবেই অঞ্চলটোৰ সৌন্দৰ্য, কপিলীৰ চিৰপ্ৰবাহিত গতি আৰু বনাঞ্চল উৎখাত কৰি ইয়াত সম্পূৰ্ণ বেআইনীভাৱে আৰম্ভ কৰা হৈছে শিল, বালিৰ খনন।

পৰিস্থিতি এনে হৈছেগৈ যে, ৰাজনৈতিক প্ৰতাপী লোকে প্ৰদান কৰা হেঁচাত বাধ্য হৈ অঞ্চলটোত কৰ্মৰত ডিএফঅ’, ৰেঞ্জাৰ আদিয়ে তেওঁলোকক নিলম্বিত কৰাৰ বাবে উৰ্ধতম কৰ্তৃপক্ষক আৱেদন জনাব লগাও হৈছে। ইতিমধ্যে অজস্ৰ ডাম্পাৰেৰে ইয়াৰ পৰা বালি আৰু শিল এক্সকেভেট’ৰেৰে খান্দি উঠাই নিয়া হৈছে। পিছে ইয়াতে ক্ষান্ত নাথাকি এইবাৰ পানীমূৰত বিশাল আকাৰৰ ষ্ট’ন ক্ৰেছাৰ স্থাপন কৰাৰ কামো পূৰ্ণগতিত চলাই থকা হৈছে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে- যিখন ডিমা হাচাওত সংঘটিত দুৰ্নীতিৰ বাবে চিবিআইৰ তদন্তৰ জৰিয়তে বহু কেইগৰাকী ৰাজনৈতিক নেতা কাৰাৰুদ্ধ হৈ আছে, সেই ডিমা হাচাওতে এতিয়া চিবিআইৰ ছাৰ্জশ্বিটৰ ভিত্তিত ন্যায়ালয়ে কাৰাদণ্ড বিহা লোকৰ নেতৃত্বতে দিছপুৰৰ পৃষ্ঠপোষকতাত কোটি কোটি টকাৰ বনজ সম্পদ ধ্বংসৰ অভিযান তীব্ৰতৰ হৈ উঠিছে আৰু ইয়াৰ সেনাপতিৰ দায়িত্ব খোদ দিছপুৰীয়া মন্ত্ৰীয়েই বহন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি