খেল চলি থাকোতেই মৃত্যু আম্পায়াৰ…

খেল চলি থাকোতেই মৃত্যু আম্পায়াৰ…

ডিজিটেল ডেস্কঃ সোমবাৰৰ দিনটো পাকিস্তানৰ ক্ৰিকেট জগতৰ বাবে অতি বেযা দিন। এফালে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ খেলত পাকিস্তান নিজ গৃহভূমিতে পৰাজয়, আনফালে খেল চলি থকাৰ অৱস্থাতে হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় পাকিস্তানৰ এগৰাকী আম্পায়াৰ। মৃত্যু হোৱা পাকিস্তানী আম্পায়াৰগৰাকী হৈছে নছীম শেইখ।পাকিস্তানৰ এখন ঘৰুৱা খেল পৰিচালনা কৰি থকাৰ সময়তে হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় নছীম শ্বেখ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰনুসৰি খেলখন চলি থকাৰ সময়তে পৰিচালকৰ দায়িত্বত থকা শ্বেখ মাটিত ঢলি পৰে। ইয়াৰ পাচতে খেলখনত উপস্থিত থকা সকলো খেলুৱৈৱে লগ হৈ তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও বাটতে মৃত্যু হয় শ্বেখৰ। নছীম শ্বেখৰ বয়স আছিল ৫৬ বছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in