ব্ৰহ্মপু্ত্ৰৰ মাজত নিসংগ উমানন্দ! মন্দিৰলৈ দৰ্শনাৰ্থী যাবলৈ ১০দিন ধৰি ফেৰী সেৱা বন্ধ

ব্ৰহ্মপু্ত্ৰৰ মাজত নিসংগ উমানন্দ! মন্দিৰলৈ দৰ্শনাৰ্থী যাবলৈ ১০দিন ধৰি ফেৰী সেৱা বন্ধ

ডিজিটেল ডেস্কঃ উমানন্দ দৰ্শন কৰিবলৈ আহি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰাই উভতিবলগা হৈছে শ শ ভক্তপ্ৰাণ ৰাইজ। উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছতেই ফেৰী সেৱা বন্ধ ৰখাৰ বাবেই মন্দিৰ দৰ্শনৰ বাবে অহা দৰ্শনাৰ্থীসকল যাব পৰা নাই উমানন্দলৈ। ইফালে, উমানন্দ মন্দিৰত এতিয়া আছে কেৱল তিনিজন লোক। ইয়াৰে ৰাতুল শৰ্মা আৰু ৰিংকু শৰ্মা হ'ল মন্দিৰটোৰ পূজাৰী।

উমানন্দত থকা আনজন ব্যক্তি হ'ল খগেন কলিতা। তেওঁ সহায়কাৰী হিচাপে উমানন্দত আছে। এই তিনিজন লোকৰ বাদে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা ফেৰী সেৱা বন্ধ কৰি দিয়াৰ বাবে উমানন্দলৈ কোনো দৰ্শনাৰ্থীয়ে যাব পৰা নাই। শেহতীয়াকৈ বৃহস্পতিবাৰে গণেশ চতুৰ্থী উপলক্ষে এখন বিশেষ ফেৰী গৈছিল যদিও, পূজা-পাতল কৰাৰ পাছতেই সেই ফেৰীখন ঘূৰি আহে।

ফেৰীখনত উমানন্দলৈ পূজাৰ বাবে ফল-মূল, নৈবদ্যৰ লগতে ২০০জন ভক্তক কঢ়িয়াই নিছিল। তাৰপাছত পুনৰ এই সেৱা বন্ধ হৈ পৰাত এতিয়া উমানন্দ মন্দিৰৰ চৌহদ জনশূন্য হৈ পৰিছে। উল্লেখ্য যে, উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছতেই ৰাজ্য চৰকাৰে ফেৰী আৰু নাও সেৱা বন্ধ কৰি দিছিল। যাৰফলত উমানন্দলৈ চলাচল কৰা বিশেষ ফেৰীও বন্ধ কৰি দিয়ে কামৰূপ প্ৰশাসনে।

উমানন্দ মন্দিৰৰ মুখ্য পুৰোহিত নগেন শৰ্মাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক জানিবলৈ দিয়া মতে, এই সন্দৰ্ভত তেওঁলোকে কামৰূপ (ম)ৰ জিলা প্ৰশাসনৰ বৰমূৰীয়াসকলক অৱগত কৰিছে। লক্ষণীয় যে, প্ৰতিদিনাই গড়ে উমানন্দলৈ ৫০০ৰো অধিক অধিক গৈছিল। বিশেষকৈ কামাখ্যা মন্দিৰ দৰ্শনৰ পাছতেই ভক্তসকলে উমানন্দ দৰ্শন কৰিছিল। তেতিয়াহে এই মন্দিৰ দৰ্শন সম্পূৰ্ণ হয় বুলি বিশ্বাস আছে।

এনে পৰিস্থিতিত কামাখ্যা দৰ্শনৰ পাছত উমানন্দলৈ যাবৰ বাবে বহু বহিঃৰাজ্যৰ দৰ্শনাৰ্থীও গুৱাহাটীৰ পাৰঘাটসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। পৰ্যটনৰ দিশৰ পৰা অধিক গুৰুত্বপূৰ্ণ উমানন্দস্থলীলৈ এনেদৰে ফেৰী সেৱা বন্ধ কৰি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দৰ্শনাৰ্থীসকলৰ মাজতো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in