হঠাৎ বন্ধ উমানন্দ! ৭ দিনে যোৱা নাই এজনো ভক্ত, ২ পূজাৰীসহ ৫জন মন্দিৰত আৱদ্ধ

হঠাৎ বন্ধ উমানন্দ! ৭ দিনে যোৱা নাই এজনো ভক্ত, ২ পূজাৰীসহ ৫জন মন্দিৰত আৱদ্ধ

ডিজিটেল ডেস্কঃ যোৱা এসপ্তাহ ধৰি একপ্ৰকাৰে বন্ধ হৈ আছে উমানন্দ মন্দিৰ। এজনো দৰ্শনাৰ্থী যোৱা নাই মন্দিৰলৈ। উত্তৰ গুৱাহাটীত ৫ ছেপ্টেম্বৰত সংঘটিত নাও দুৰ্ঘটনাৰ পাছতেই নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ব্ৰহ্মপু্ত্ৰৰ মাজত থকা এই বিখ্যাত মন্দিৰটোত।

পূৰ্বতে সৰু সৰু ফেৰী এই মন্দিৰলৈ চলিছিল যদিও, বৰ্তমান এই ফেৰী সেৱা প্ৰশাসনে বন্ধ কৰি থোৱাৰ ফলতেই এনে পৰিৱেশে বিৰাজ কৰিছে উমানন্দত। বৰ্তমান মন্দিৰত আৱদ্ধ হৈ আছে দুজন পূজাৰী আৰু তিনিজন সহায়কাৰী। উমানন্দ মন্দিৰত থকা পূজাৰী দুজন ক্ৰমে- ৰাতুল শৰ্মা আৰু গজেন শৰ্মা। বহিঃবিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত মন্দিৰত দৈনিক নিয়মীয়া পূজাৰ বাবেও যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

ইয়াৰ বাবে প্ৰয়োজনীয় ফুল-নৈবদ্যৰ অভাৱ ঘটিছে উমানন্দত। উত্তৰ গুৱাহাটীৰ দুৰ্ঘটনাৰ পাছতেই এই মন্দিৰলৈ ফেৰী সেৱা প্ৰশাসনে বন্ধ কৰিলে যদিও, মন্দিৰটোত থকা এই পাঁচোজন লোকৰ খবৰ ল'বলৈ আজৰি পোৱা নাই প্ৰশাসনে। ইফালে, 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক মন্দিৰৰ মুখ্য পুৰুহিত নগেন শৰ্মাই জানিবলৈ দিয়া মতে, তেওঁ মন্দিৰৰ পৰা ঘৰলৈ অহাৰ পাছত উভতি যাব পৰা নাই উমানন্দলৈ।

আনহাতে, তাত আৱদ্ধ হৈ থকা পাঁচোজন লোকে খাদ্যৰ অভাৱৰো সন্মুখীন হৈছে। উল্লেখযোগ্য যে, ১৮২০ খ্ৰীষ্টাব্দত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। অসম আক্ৰমণ কৰিবলৈ অহা বিদেশী শত্ৰুৱেও এই মন্দিৰৰ মহাত্মা বুজি হাত দিয়া নাছিল মন্দিৰত। তেনে এটা জাগ্ৰত মন্দিৰত এনে পৰিৱেশে বিৰাজ কৰাৰ পাছতো কাণসাৰ নাই প্ৰশাসনৰ। ফুল, ফল-মূল তথা নৈবদ্যৰ অভাৱত উমানন্দত দৈনিক পূজা সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ পাছত যি তৎপৰতাৰে প্ৰশাসনে তাত থকা লোকসকলৰ সৈতে যোগাযোগ কৰিব লাগিছিল, সেয়াও নকৰাৰ অভিযোগ উঠিছে।

অৱশ্যে গণেশ চতুৰ্থী উপলক্ষে বৃহস্পতিবাৰে এখন নাও তালৈ যোৱা কথা। এই নাৱত পূজাৰ সামগ্ৰী আৰু কিছু লোক যাব যদিও, দৰ্শনাৰ্থীৰ বাবে নাথাকিব কোনো ফেৰী। ইয়াৰ ফলত এতিয়া উমানন্দ মন্দিৰ দৰ্শনৰ বাবে ইচ্ছা কৰা বহুলোক এই মন্দিৰ দৰ্শনৰ পৰা বঞ্চিত হ'ব।

উমানন্দ মন্দিৰত পূজা বন্ধ আৰু দৰ্শনাৰ্থীসকল যাবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে বহু দৰ্শনাৰ্থী। প্ৰতিদিনেই যথেষ্ট লোকৰ সমাগম ঘটে এই মন্দিৰত। পৰ্যটনৰ দিশৰ পৰাও এই মন্দিৰটোৰ গুৰুত্ব বহু বেছি। তেনেস্থলত সোণোৱাল চৰকাৰৰ এনে উদাসীনতাক সহজভাৱে লোৱা নাই ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in