শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ…

ডিজিটেল ডেস্ক: ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা কৰে আলফা(স্বা)য়ে লগতে সকলোকে স্বাধীনচা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে।

আলফ(স্বা)য়ে ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে। আলফা(স্বা), এন এছ চি এন আৰু জি পি আৰ এনে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰিছে।

অৱশ্যে, জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখ্য যে, যোৱা বছৰত আলফা(স্বা)য়ে স্বাধীনতা দিৱসত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল। কিন্তু এইবাৰ পুনৰ বন্ধ ঘোষণা কৰে।

আৰু পঢ়ক: তিনিচুকীয়াত অলংকাৰিত মাছৰ চোৰাং বেহা…