অখিল গগৈৰে অসমীয়া প্ৰতিদিনৰ এক্সক্লুছিভ সাক্ষাৎকাৰঃ কিয় বেয়া পাইছে অখিলক পৰেশ বৰুৱাই?

অখিল গগৈৰে অসমীয়া প্ৰতিদিনৰ এক্সক্লুছিভ সাক্ষাৎকাৰঃ কিয় বেয়া পাইছে অখিলক পৰেশ বৰুৱাই?

ডিজিটেল ডেস্কঃ অখিল গগৈয়ে অসমীয়া ডিজিটেল সংস্কৰণৰ ডিজিটেল ডেস্কক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিত বিধায়কৰ পদ ত্যাগ কৰাৰ কথা ভাৱে বুলি মন্তব্য কৰিছিল। কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি গৰাকীৰ এই সাক্ষাৎকাৰক লৈ বিভিন্নজনৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা স্বাধীনৰ সেনাধক্ষ্য পৰেশ বৰুৱাই।

 অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক দিয়া সাক্ষাৎকাৰ চাই আলফা স্বাধীনৰ সেনাধক্ষ্য গৰাকীয়ে কয় যে, তেওঁৰ দৰে এগৰাকী দূৰদৰ্শী আৰু জনদৰদী নেতাৰ এইধৰণৰ মন্তব্যক তেওঁ সমৰ্থন নকৰে।

অখিল গগৈক গণতান্ত্ৰিক আন্দোলনৰ অদ্বিতীয় নেতা আখ্যা দিয়ে পৰেশ বৰুৱাই। অতি ইতিবাচক দৃষ্টিভংগীৰে অখিল গগৈৰ এনে সিদ্ধান্ত বা চিন্তাক বিৰোধ কৰে আলফা স্বাধীনৰ সেনাধক্ষ্যগৰাকীয়ে।

অখিল গগৈৰ সৈতে অসমীয়া ডিজিটেল সংস্কৰণৰ সেই এক্সক্লুছিভ সাক্ষাৎকাৰ চাবলৈ ক্লিক কৰক এই লিংকতঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in