নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ বাবে অনুমোদন ইউকেৰ গৃহ মন্ত্ৰনালয়ৰ…

নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ বাবে অনুমোদন ইউকেৰ গৃহ মন্ত্ৰনালয়ৰ…

ডিজিটেল ডেস্ক : নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ বাবে অনুমোদন প্ৰদান কৰে ইউকে গৃহ মন্ত্ৰনালয়ে । পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰী গোচৰত আৰু ধন ৰপ্তানিৰ অভিযোগত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ সপক্ষে ইউকেৰ এখন আদালতে ২৫ ফেব্ৰুৱাৰীৰ ৰায় দিছিল ।

ইফালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰা অনুসৰি নীৰৱ মোডীৰ বাবে মুম্বাইৰ এক বিশেষ কাৰাগাৰ সাজু কৰি থোৱা হৈছে । নীৰৱ মোডীক মুম্বাইৰ সেই বিশেষ কাৰাগাৰৰ ১২ নম্বৰ বেৰেকৰ তিনিটা ৰুমৰ এটা ৰুমত ৰখা হ'ব । যিটো উচ্চ সুৰক্ষা থকা এটা ৰুম বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in