উগ্ৰতাৰা দেৱালয়ৰ মূল বিগ্ৰহ উদ্ধাৰ, আৰক্ষীৰ জালত ৪ কুখ্যাত চোৰ…

উগ্ৰতাৰা দেৱালয়ৰ মূল বিগ্ৰহ উদ্ধাৰ, আৰক্ষীৰ জালত ৪ কুখ্যাত চোৰ…

ডিজিটেল সংবাদ, গোলাঘাটঃ অৱশেষত বুধবাৰে উদ্ধাৰ হ'ল উগ্ৰতাৰা দেৱালয়ৰ পৰা চুৰি হোৱা অষ্টধাতুৰে নিৰ্মিত ঐতিহাসিক বিগ্ৰহ। উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ নলবাৰীত উদ্ধাৰ, নতুন মূৰ্তি প্ৰতিষ্ঠাৰ দিনাই আৰক্ষীৰ সফলতা। আৰক্ষীৰ জালত কুখ্যাত চোৰ চান হুছেইন, আদিল আলী, ৰাহুল আলী আৰু মিন্টু ৰায়।

গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল গোলাঘাট আৰক্ষীয়ে। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰি কুখ্যাত চোৰক। কুখ্যাত চোৰ কেইটা হৈছে নলবাৰী জিলাৰ বাটচৰৰ চান হুচেইন , টিহুৰ আদিল আলী , মকালমোৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়।  নিশাই চাৰিওকে গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ লৈ অনা হয়।

উগ্ৰতাৰা মন্দিৰৰ দলৈ পৰমেশ্বৰ শৰ্মা, বৰদেউৰি অক্ষয় ভট্টাচাৰ্য্য, পূজাৰী নৃগেন ভট্টাচাৰ্য্য, মেনেজিং কমিটিৰ সদস্য নলিনী শৰ্মাই গোলাঘাটত উপস্থিত হৈ বিগ্ৰহ চিনাক্ত কৰে। গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিগ্ৰহটো চিনাক্ত কৰে লোককেইজনে। যোৱা ১৬ নৱেম্বৰত মন্দিৰৰ পৰা চুৰি হৈছিল বিগ্ৰহটো। পাঁচ মাহ ১৬ দিনৰ পাছত উদ্ধাৰ কৰা হৈছে উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ।

উল্লেখ্য যে, গোলাঘাট ৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু এপিএছ সুৰজিৎ সিং পানেশ্বৰৰ এইয়া আন এক বৃহৎ সফলতা। অহা কালি অৰ্থাৎ ২ মে'ত উগ্ৰতাৰা মন্দিৰত নতুনকৈ নিৰ্মাণ কৰা বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ কথা আছিল। কিন্তু এদিন পূৰ্বেই গোলাঘাট আৰক্ষীয়ে ৯৭৫ বছৰ ঐতিহাসিক বিগ্ৰহটো নলবাৰীৰ পৰা উদ্ধাৰ কৰাৰ লগতে চোৰকেইটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোৰকেইটায়ে বিগ্ৰহটোৰ শিৱৰ জটাত থকা সাপৰ মাথা, বিগ্ৰহৰ ওপৰত থকা সৰ্পফনা, বিগ্ৰহৰ হাতত থকা দা, গলত থকা মুণ্ড মালা কাটি নিয়ে। নতুন কৈ বিগ্ৰহ প্ৰতিষ্ঠা কৰা এদিন পূৰ্বেই ঐতিহাসিক বিগ্ৰহটো উদ্ধাৰ হোৱাৰ পিছতে উল্লাসিত হৈ পৰিছে ৰাজ্যবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in