শেহতীয়া খবৰ
নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন....  •  পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন...  •  বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...

চীনৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰ কথা চিন্তা কৰিছে নেকি? সাৱধান ! ইউ জি চিয়ে জাৰি কৰিছে নিষেধাজ্ঞা…

ডিজিটেল ডেস্কঃ ইউ জি চিয়ে শুকুৰবাৰে ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। ইউ জি চিয়ে ভাৰতীয় শিক্ষাৰ্থীসকলক চীনৰ বিশ্ববিদ্যালয়ত নামভৰ্তি নকৰিবলৈ সতৰ্কবাণী প্ৰদান কৰিছে। এক জাননীত ইউ জি চিয়ে কয় যে, শিক্ষাৰ্থীসকলে চীনৰ বিশ্ববিদ্যালয়ত নিজৰ নাম পঞ্জীয়ন কৰাৰ পূৰ্বে চীনৰ ভ্ৰমণ নিষেধাজ্ঞাৰ বিষয়ে জানিব লাগে।

আনহাতে চীনৰ শিক্ষানুষ্ঠানৰ পৰা প্ৰদান কৰা কোনো অনলাইন ডিগ্ৰী ভাৰতত স্বীকৃতি প্ৰদান কৰা নহয়। নিয়ম অনুসৰি ইউ জি চি আৰু এ আই চি টিৰ পৰা অনুমোদন নোলোৱাকৈ অনলাইন মোডত অনুষ্ঠিত কৰা এনে ডিগ্ৰী পাঠ্যক্ৰমক স্বীকৃতি দিয়া নহ’ব।

চীন চৰকাৰে কোৰোনাৰ বাবে ২০২০ চনৰ নৱেম্বৰৰ পৰা সকলো ভিছা স্থগিত ৰাখিছে। চীনা বিশ্ববিদ্যালয়সমূহে পৰৱৰ্তী শিক্ষাবৰ্ষৰ বাবে কেইবাটাও ডিগ্ৰী পাঠ্যক্ৰমৰ নামভৰ্তিৰ জাননী জাৰি কৰিছে। সেয়েহে ইউ জি চিয়ে ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে সতৰ্কতামূলক ভাৱে এই জাননী জাৰি কৰিছে।