সুন্দৰী যুৱতী বুলি পুৰুষকে বিয়া কৰালে মছজিদৰ ইমামে! বিবাহৰ দুসপ্তাহ পিছতহে খোল খালে ৰহস্যৰ…

সুন্দৰী যুৱতী বুলি পুৰুষকে বিয়া কৰালে মছজিদৰ ইমামে! বিবাহৰ দুসপ্তাহ পিছতহে খোল খালে ৰহস্যৰ…

ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনা! চিনেমাৰ কাহিনী যেন লাগিলেও পিছে এই ঘটনা সংঘটিতে হৈছে বাস্তৱত। মছজিদত হিজাব পৰিহিতা যুৱতীগৰাকীক প্ৰথম দেখিয়েই বিবাহৰ প্ৰস্তাৱ দিছিল ইমাম গৰাকীয়ে। যুৱতীগৰাকীয়েও এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰাত ২ সপ্তাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হয় দুয়োজন। পিছে এই বিবাহৰ ২ সপ্তাহৰ পিছতহে খোল খালে 'পত্নী'ৰ আচল ৰহস্য।

এই ঘটনা সংঘটিত হৈছে আফ্ৰিকান দেশ য়ুগান্দাত। মহম্মদ মুতুবা নামৰ মছজিদৰ ইমামগৰাকীয়ে এক প্ৰকাৰ প্ৰেম বিবাহেই কৰিছিল ধুনীয়া মুখৰ যুৱতীগৰাকীক। কিন্তু বিবাহৰ ২ সপ্তাহৰ পিছতে তেওঁৰ ওচৰ চুবুৰীয়াই তেওঁক জনায় যে তেওঁৰ 'পত্নী' আচলতে এগৰাকী যুৱতী নহয়, বৰং যুৱক হে। 'পত্নী'ৰূপী যুৱকজনে চুবুৰীয়াৰ ঘৰৰ দেৱাল বগাই ভিতৰত প্ৰৱেশ কৰি কাপোৰ আৰু আন আন সামগ্ৰী চুৰি কৰা বুলিও অভিযোগ কৰে।

তেতিয়ালৈকে শাৰিৰীক সম্পৰ্ক স্থাপন হোৱা নাছিল পতি-পত্নীৰ মাজত। সেইবাবে ইমাম মহম্মদ মুতুবাই জনা নাছিল 'পত্নী'ৰ প্ৰকৃত ৰূপ পুৰুষৰ নে মহিলাৰ। কিন্তু ওচৰ চুবুৰীয়াই আৰক্ষীক দিয়া এজাহাৰৰ পিছত আৰক্ষীয়ে ইমাম গৰাকীক আৰু তেওঁৰ 'পত্নী'ক আৰক্ষী থানালৈ মাতি পঠিয়ায়।

আৰক্ষী থানাত হিজাব আৰু হিল চেণ্ডেল পৰিহিতা ইমামৰ 'পত্নী'ক মহিলা আৰক্ষীৰ দ্বাৰা তালাচী চলোৱাত জানিব পৰা গ'ল যে ইমামৰ পত্নী আচলতে ওচৰ চুবুৰীয়াই অভিযোগ কৰাৰ দৰে এজন পুৰুষহে। তাৰ পিছতে আৰক্ষীয়ে মহিলাৰ ৰূপ ধাৰণ কৰি ইমামৰ সৈতে বিয়াত বহা লোক জনক সোধা পোছা চলোৱাত তেওঁ ধনৰ বাবেই ইমামৰ সৈতে বিয়াত বহা বুলি স্বীকাৰ কৰে।

ইফালে ইমাম মহম্মদ মুতুবাই আৰক্ষীক জানিবলৈ দিয়া মতে, তেওঁ বিবাহৰ বাবে এগৰাকী ধুনীয়া যুৱতীৰ সন্ধান কৰি থকাৰ সময়তে ক্যাম্পিছী মছজিদত দেখা পাইছিল হিজাব পৰিহিতা যুৱতীগৰাকীক। যুৱতীগৰাকীক দেখিয়েই তেওঁ বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু যুৱতীগৰাকীয়েও সেই প্ৰস্তাৱ স্বীকাৰ কৰি লয়। কিন্তু সেই সময়ত যুৱতীগৰাকীয়ে ইমাম গৰাকীৰ ওচৰত এটা চৰ্ত ৰাখিছিল যে তেওঁ নিবিচৰালৈকে দুয়োৰে মাজত কোনো শাৰিৰীক সম্পৰ্ক স্থাপন নহ'ব। সেই চৰ্তৰ বাবেই বিবাহৰ ২ সপ্তাহ পিছলৈকে ইমাম গৰাকীয়ে জানিব পৰা নাছিল যে তেওঁৰ পত্নী আছিলতে এজন পুৰুষহে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in