বঢ়মপুৰত জুইয়ে পোৰা সোণ হৈ জিলিকিল উদীপ্ত…

বঢ়মপুৰত জুইয়ে পোৰা সোণ হৈ জিলিকিল উদীপ্ত…

ডিজিটেল সংবাদ বঢ়মপুৰ: প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যৱসায় থাকিলে দৰিদ্ৰতা যে সফলতাৰ ক্ষেত্ৰত কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে তাক আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে নগাঁও জিলাৰ বঢ়মপুৰৰ মেধাৱী ছাত্ৰ উদীপ্ত হাজৰিকাই । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুইয়ে পোৰা সোণ হৈ জিলিকিল নগাঁও জিলাৰ বঢ়মপুৰ বৰটোপ অঞ্চলৰ শুভকান্ত হাজৰিকা আৰু ফুল' দেৱীৰ একমাত্ৰ পুত্ৰ উদীপ্ত হাজৰিকা ।

বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ৮৭.৩ শতাংশ লাভ কৰি সৰ্বমুঠ ৫২৪ নম্বৰ লৈ উত্তীৰ্ণ হয় । তেওঁৰ নম্বৰ তালিকাখন – অসমীয়া ৯৬ , ইংৰাজী ৯০ , গণিত ১০০ , সাধাৰণ বিজ্ঞান ৮৪ , সমাজ বিজ্ঞান ৭৩ আৰু উচ্চ গণিত ৯৩ ।

উদীপ্তৰ এনে সফলতাই স্বাভাৱিকতেই আনন্দৰ ঢল বোৱাই আনিছে বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ লগতে উদীপ্তৰ জন্ম গাঁও বৰটোপলৈ । নিজৰ সফলতাত সুখী অতি নম্ৰ স্বভাৱৰ তথা মেধাৱী ছাত্ৰ উদীপ্তই এই প্ৰতিবেদকৰ আগত কয় যে – পিতৃয়ে দিন হাজিৰা কৰি দিয়া অতি সীমিত সা-সুবিধাৰ মাজেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৈনিক কমেও ৫-৬ ঘণ্টাকৈ অধ্যয়ন কৰিছিল ।

আৰ্থিক দৈন্যতাৰ বাবে মাত্ৰ এটা বিষয়ত টিউচন লোৱা উদীপ্তই তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষকসকলে ঘৰলৈ আহি তেওঁক সহায় কৰাৰ কথা উল্লেখ কৰি তেওঁৰ সফলতাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰে । উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত নামভৰ্ত্তি কৰি ভৱিষ্যতে এজন ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ সপোন উদীপ্তৰ ।

ফলাফল লাভ কৰাৰ পাছতে উদীপ্তৰ এনে সফলতাত আনন্দত মতলীয়া হৈ পৰে অঞ্চলবাসী । কিন্তু পৰিতাপৰ বিষয় যে , উদীপ্তৰ এনে সফলতাত এতিয়ালৈকে ঘৰৰ ওচৰ চুবুৰীয়া লোকসকলৰ বাদে জনপ্ৰতিনিধি তথা কোনো দল-সংগঠন আহি উদীপ্তৰ ঘৰত বৰ্তমানলৈকে উপস্থিত হোৱা নাই বুলি জানিবলৈ দিছে ।

উল্লেখ্য যে , অতি নম্ৰ স্বভাৱৰ মেধাৱী ছাত্ৰ উদীপ্তৰ পিতৃ শুভকান্ত হাজৰিকায়ে দিন হাজিৰা কৰি অতি কষ্টৰে পঢ়ুৱাইছিল উদীপ্তক । উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত নামভৰ্ত্তি কৰি ভৱিষ্যতে এজন ভাল মানুহ হোৱাৰ সপোন দেখা উদীপ্ত হাজৰিকাৰ ভৱিষ্যত পঢ়া-শুনাৰ ক্ষেত্ৰত কোনো সু-হৃদয়বানক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনাইছে গাঁওবাসীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in