গংগা পৰিস্কাৰ কৰা সকলৰে মন লেতাৰা! আমি ভুল মানুহৰ সৈতে মিত্ৰতা কৰিছিলোঃ উদ্ধৱ থাকৰে

গংগা পৰিস্কাৰ কৰা সকলৰে মন লেতাৰা! আমি ভুল মানুহৰ সৈতে মিত্ৰতা কৰিছিলোঃ উদ্ধৱ থাকৰে

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত অব্যাহত থাকিব নে বিজেপি-শিৱসেনাৰ মিত্ৰজোঁট? ৰাজ্যখনৰ ৰাজনৈতিক মতানৈক্যৰ পৰিপ্ৰেক্ষিতত এই প্ৰশ্নই এতিয়া সৃষ্টি হৈছে সকলোৰে মনত। মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদক লৈ এতিয়া বিজেপি-শিৱসেনাৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱা দেখা গৈছে।

মহাৰাষ্ট্ৰত শিৱসেনা-বিজেপিৰ ৫ বছৰীয়া শাসনকালৰ অন্তত পুনৰ এবাৰ মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিয়ে উত্থাপন কৰিছে দেবেন্দ্ৰ ফড়নবিছৰ নাম। কিন্তু বিজেপিৰ এই সিদ্ধান্তৰ বিপৰীতে শিৱসেনাই তেওঁলোকৰ দলৰ পৰা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এই দুই শক্তিশালী দলৰ মিত্ৰজোঁটত ক্ৰমাৎ ফাঁট মেলা পৰিলক্ষিত হৈছে।

ইফালে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে দুই দলৰ মতানৈক্যৰ মাজত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰিলেও এই পৰ্যন্ত বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে শিৱসেনাৰ সৈতে আলোচনাত বহা নাই। অন্যহাতে ইয়াৰ মাজতে পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে এনচিপিয়ে শিৱসেনাৰ লগ লগাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে দলীয় নেতৃত্বলৈ। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্তত উপনীত হ'ব পৰা নাই শিৱসেনা।

শুকুৰবাৰে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিজেপিৰে মিত্ৰতা সন্দৰ্ভত কয় যে এতিয়াও বিজেপিয়ে তেওঁলোকৰ সৈতে কোনো আলোচনাত বহা নাই। বিজেপিৰে শিৱসেনাৰ মিত্ৰজোঁট এক ভুল সিদ্ধান্ত আছিল বুলিও পৰোক্ষভাৱে সংবাদ মাধ্যমক বুজাব খোজা যেনো অনুধাৱন হ'ল উদ্ধৱ থাকৰেৰ মন্তব্যত।

সংবাদ মাধ্যমৰ সন্মুখত শিৱসেনাৰ নেতাগৰাকীয়ে কয়, 'গংগাৰ বুকুৰ পৰা আৱৰ্জনা চাফা কৰি থকা সময়ত যেতিয়া মনবোৰেই লেতেৰা হৈ থাকে, তেন্তে সেয়া অত্যন্ত দুখজনক কথা। আজি মই এই কাৰণেই দুখ অনুভৱ কৰিছো যে আমি ভুল মানুহৰ সৈতে মিত্ৰজোঁটত সোমালো।'

শিৱসেনাৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, 'বালাচাহেব থাকৰেক মই এদিন প্ৰতিশ্ৰুতি দিছিলো যে এদিন শিৱসেনাৰ পৰাও এগৰাকী মুখ্যমন্ত্ৰী হ'ব। আৰু মই সেই প্ৰতিশ্ৰুতি পূৰণ কৰিমেই। তাৰ বাবে মোক অমিত শ্বাহ অথবা দেবেন্দ্ৰ ফড়নবিছৰ সহায়ৰ প্ৰয়োজন নাই।' উল্লেখ্য যে, মাৰাঠীসকলৰ সেৱাৰ বাবে বালাচাহেব থাকৰেয়ে প্ৰতিষ্ঠা কৰা শিৱসেনা ৰাজনৈতিকভাৱে এক শক্তিশালী দল হ'লেও থাকৰে পৰিয়ালৰ কোনোজনেই ৰাজনীতিত প্ৰত্যক্ষভাৱে ভৰি থোৱা নাছিল। মহাৰাষ্ট্ৰৰ সদ্য সমাপ্ত নিৰ্বাচনত প্ৰথমবাৰৰ বাবে থাকৰে পৰিয়ালৰ বংশধৰ আদিত্য থাকৰেয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিজেপিৰে মিত্ৰতা অব্যাহত থকা নথকা সন্দৰ্ভত উদ্ধৱ থাকৰেয়ে কয়, 'আমি আলোচনাৰ বাবে দুৱাৰ কেতিয়াও বন্ধ কৰা নাই। বিজেপিয়ে আমাক মিছা মাতিছিল, সেয়ে আমি তেওঁলোকৰ সৈতে আলোচনাৰ বাবে আগবঢ়া নাই।' এনচিপিৰে মিত্ৰতা স্থাপন সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে শিৱসেনাৰ নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in