মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!

মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ লাভ কৰাৰ দিশে শিৱসেনা। শুকুৰবাৰে এই কথা ঘোষণা কৰিলে এন চি পি মুৰব্বী শৰদ পাৱাৰে। ৰাষ্ট্ৰীয় সংবাদমাধ্যম অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেয়ে।

শুকুৰবাৰে মহাৰাষ্ট্ৰত এনচিপি-শিৱসেনা আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ল। আৰু সেই অনুসৰি, শিৱসেনাৰ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ ৫ বছৰ কাৰ্যকাল লাভ কৰিব। লগতে দুজন হ'ব ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী। ইয়াৰে এজন কংগ্ৰেছৰ আৰু আনজন হ'ব এন চি পিৰ।

অৱশ্যে শিৱসেনা-এনচিপি আৰু কংগ্ৰেছৰ বৈঠক বৰ্তমানেও অব্যাহত আছে। বৈঠকৰ পৰা বাহিৰলৈ আহি শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে বৈঠকখন অব্যাহত থকা কথা। লগতে জনাই যে, বৈঠকত উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰাক লৈ সহমত লাভ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in