মাজবাট বিধানসভা সমষ্টিৰ কণ্টেইমেণ্ট জ’নত যুৱ মৰ্চাৰ অত্যাৱশকীয় সামগ্ৰী বিতৰণ…

মাজবাট বিধানসভা সমষ্টিৰ কণ্টেইমেণ্ট জ’নত যুৱ মৰ্চাৰ অত্যাৱশকীয় সামগ্ৰী বিতৰণ…

মাজবাট বিধানসভা সমষ্টিৰ কণ্টেইমেণ্ট জ'নত যুৱ মৰ্চাৰ অত্যাৱশকীয় সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ ওৰাংঃ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং জংঘল ব্লক গাঁৱত ক'ভিডৰ গণ সংক্ৰমণৰ বাবে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গাওঁখনক কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।গাওঁখনত এই পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈছে ৫৩ গৰাকী লোক। ইয়াৰ ভিতৰত আছে শিশু আৰু গৰ্ভৱতী মহিলাও।

গাঁওখনত এইদৰে ক'ভিডৰ গণ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত এই সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে ১০ জুনৰ পৰা ২৪ জুনলৈ ১৪ দিনৰ বাবে গাওঁখনক কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। ইয়াৰ মাজতে গাওঁবাসীৰ মাজত ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি কষ্টৰাম বাগলাৰী আৰু সাধাৰণ সম্পাদক সমৰ হাজৰিকাই মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।

যুৱ মৰ্চাৰ সভাপতি আৰু সম্পাদক দুগৰাকীয়ে কণ্টেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰা ২ নং জংঘলৰ ব্লক গাঁৱত মুঠ ৬০ টা পৰিয়ালক অত্যাৱশকীয় সামগ্ৰী প্ৰদান কৰাৰ লগতে ক'ভিড-১৯ সম্পৰ্কীয় সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in