ওদালগুৰিত নৱম শ্ৰেণীৰ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেটসমূহত ফটোৰ বিসংগতি, ছেবাৰ ল’ৰা-ধেমালি

ওদালগুৰিত নৱম শ্ৰেণীৰ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেটসমূহত ফটোৰ বিসংগতি, ছেবাৰ ল’ৰা-ধেমালি

ডিজিটেল সংবাদ, টংলাঃ ছেবাৰ  ভুলৰ বাবে পুনৰবাৰ ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষই হাৰাশাস্তি হোৱাৰ ঘটনা  সংঘটিত হৈছে ওদালগুৰি জিলাত৷ ওদালগুৰি জিলাৰ টংলাৰ তিনিটাকৈ পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে অহা নৱম শ্ৰেণীৰ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেটসমূহত ফটোৰ বিসংগতি ঘটাত বিদ্যালয়সমূহৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ জৰিয়তে টংলাৰ তিনিটাকৈ পৰীক্ষা কেন্দ্ৰ ক্ৰমে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় 'এ' চেন্টাৰৰ ১২খন বিদ্যালয়, টংলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় 'বি' চেন্টাৰৰ ১০খন বিদ্যালয় আৰু টংলা মডেল হাইস্কুল 'চি' চেন্টাৰৰ ৭খন বিদ্যালয়ৰ প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰীৰ নাম, ঠিকনা আৰু ফটো শুদ্ধভাৱে প্ৰেৰণৰ পিছত ছেবা কৰ্তৃপক্ষই বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা ৰিজিষ্ট্ৰেশ্বন চাৰ্টিফিকেটৰ চেক লিষ্টত ছাত্ৰ-ছাত্ৰীসকলৰ নাম, ঠিকনাসমূহ শুদ্ধ হৈ আহিছে যদিও কোনো এগৰাকীৰে ফটো শুদ্ধ হোৱা নাই৷

এন আৰ চিৰ কামত নিয়োজিত হৈ থকা বাবে শিক্ষকৰ অভাৱৰ সময়ত বিদ্যালয় কেইখনে ছেবাৰ ভুলৰ বাবে একেখিনি কামকে পুনৰ কৰিবলগীয়া হোৱাত যথেষ্ট অসুবিধা হোৱাৰ কথা ব্যক্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই৷ ছেবাৰ দ্বায়িত্বহীনতাৰ পৰম্পৰাত বৰ্তমানো অব্যাহত থকাত বহু অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in