ওদালগুৰিত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৬৯২জন ভোটাৰ হ’ল ’ডি’ মুক্ত

ওদালগুৰিত খচৰা ভোটাৰ তালিকা প্ৰকাশ,  ৬৯২জন ভোটাৰ হ’ল ’ডি’ মুক্ত

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ দাসে শনিবাৰে জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত খচৰা ভোটাৰ তালিকা-২০১৮খন প্ৰকাশ কৰে৷

এই উদ্দেশ্যে উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত সংবাদ মেলত উপায়ুক্ত দিলীপ কুমাৰ দাসে জিলাখনৰ তিনিটা বিধান সভা সমষ্টি ক্ৰমে ৬৪ নং পানেৰীত পুৰুষ ৭২৩৭৪,মহিলা ৬৯০৮০ গৰাকী ভোটাৰসহ মুঠ ১,৪১,৪৫৯ গৰাকী ভোটাৰ,৬৯ নং ওদালগুৰি সমষ্টিত পুৰুষ ৭২৬৫৭, মহিলা ৭০৩৯৯ গৰাকী ভোটাৰসহ মুঠ ১,৪৩০৫৬ গৰাকী আৰু ৭০ নং মাজবাট বিধান সভা সমষ্টিত পুৰুষ ৭৪০৪০,মহিলা ৬৯২১৭গৰাকী ভোটাৰসহ মুঠ ১,৫৩,২৫৭ গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে বুলি সদৰি কৰিছে৷

ভোটাৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি জিলাখনত ১৪ টা নতুন ভোট গ্ৰহণ কেন্দ্ৰৰ সৃৃষ্টিৰে মুঠ ভোট গ্ৰহন কেন্দ্ৰৰ মুঠ সংখ্যা ৫৮১টা কৰা হৈছে৷ পানেৰী সমষ্টিত চাৰিটা নতুন কেন্দ্ৰ হৈছে- বাদলাপাৰা ফাৰ্মলাইন লেৱাৰ ক্লাৱ,২ নং পূজাশালি এল পি স্কুল,দাৰোগাখাট এল পি স্কুল আৰু হাঁহিনীগাঁও এল পি স্কুল৷ ওদালগুৰি সমষ্টিত ৬টা নতুন কেন্দ্ৰ হৈছে- কোৰামোৰ চাহ বাগিছা এল পি স্কুল, বেংবাৰী হাইস্কুল, খ্ৰীষ্টানপাৰা এল পি স্কুল, উত্তৰ ৰাউনাগড় এল পি স্কুল, গাৰোবস্তি এল পি স্কুল,খুচুৰাবাৰী এম ই স্কুল৷

মাজবাট সমষ্টিৰ ৪ টা নতুন কেন্দ্ৰ হৈছে- ৰৌতা বাগান এল পি স্কুল, হাতীমাৰা এল পি স্কুল,পশ্চিম চিধাখোৱা এল পি স্কুল আৰু মেধিপাৰা পশ্চিম এল পি স্কুল৷ অতিৰিক্ত নিৰ্বাচনী বিষয়া অমৰজ্যোতি বৰ্মন আৰু অতিৰিক্ত উপায়ুক্ত প্ৰাঞ্জল দাস উপস্থিত থকা সংবাদ মেলত জিলাখনৰ মুঠ ৯,১৭০গৰাকী 'ডি' ভোটাৰৰ মাজৰ এইবেলি ৬৯২ গৰাকীৰ গোচৰ নিষ্পতিৰ পৰিনতিত 'ডি' ভোটাৰৰ সংখ্যাা ৮,৪৭৮ গৰাকী হৈছে বুলি নিৰ্বাচনী বিষয়াই জনাইছে৷

প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে ১৫ ছেপ্তেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ আবেদনৰ দিন ধাৰ্য কৰি দিয়াৰ উপৰি এই দাবী নিষ্পত্তি ৩০ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পিছত অহা ২০১৯ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ দাসে সংবাদ মেলত সদৰি কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in