হাগ্ৰামাই প্ৰতিনিধিত্ব কৰা কছুগাঁও সমষ্টিত ইউপিপিএল কৰ্মীৰ ঘৰত ভাবুকিযুক্ত পোষ্টাৰ আঁৰি দিয়া হৈছেঃ প্ৰমোদ বড়ো…

হাগ্ৰামাই প্ৰতিনিধিত্ব কৰা কছুগাঁও সমষ্টিত ইউপিপিএল কৰ্মীৰ ঘৰত ভাবুকিযুক্ত পোষ্টাৰ আঁৰি দিয়া হৈছেঃ প্ৰমোদ বড়ো…
  • ওদালগুৰিত ইউপিপিএল সভাপতি প্ৰমোদ বড়ো।
  • ওদালগুৰিৰ ইউপিপিএলৰ যোগদান সভাত অংশ বড়োৰ।
  • কছুগাওঁৰ ঘটনাক গৰিহনা প্ৰমোদ বড়োৰ।
  • কছুগাওঁ সমষ্টিৰ ভিন্ন প্ৰান্তত বিপিএফ কৰ্মীয়ে ইউপিপিএল কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ।
  • তেওঁ কয়, কিছুদিন ধৰি বৃদ্ধি পাইছে এই আক্ৰমণৰ ঘটনা।
  • হাগ্ৰামা মহিলাৰীয়ে এইবাৰ প্ৰতিনিধিত্ব কৰিছে কছুগাঁও সমষ্টিত।
  • সমষ্টিটোৰ বিভিন্ন অঞ্চলত ইউপিপিএল কৰ্মীৰ ঘৰত ভাবুকি যুক্ত পোষ্টাৰ আৰি দিয়া হৈছে।
  • বিগত ১৫ বছৰে বিটিচিত বিপিএফে চলাইছে অগণতান্ত্ৰিক একনায়ত্বমূলক শাসন।
  • এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰি বিপিএফৰ পৰা ওলাই আহি ইউপিপিএলত যোগ দিছে।
  • আমি সকলোৱে একতাৰে আগবাঢ়ি বিটিচিৰ উন্নয়ণ কৰিম।
  • শান্তিৰহকে এনডিএফবিয়েও অস্ত্ৰ ত্যাগ কৰিছে।
  • কোৰোনা ভাইৰাছৰ বাবেই বিটিআৰ চুক্তি ৰূপায়নত বিলম্ব।
  • পৰিৱেশ স্বাভাৱিক হ'লেই বিটিআৰ চুক্তি ৰূপায়নৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
  • যোগ্যতা আৰু বয়স অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰক সেনাবাহিনীত যোগদানৰ দাবী।
  • বয়স উকলি যোৱা প্ৰাক্তন এনডিএফবি কেডাৰক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব।
  • মঙলবাৰে মুখ্যমন্ত্ৰীৰে বিটিআৰ চুক্তি স্বাক্ষৰকাৰীৰ আলোচনা সন্দৰ্ভত প্ৰমোদ বড়োৰ মন্তব্য।
  • আলোচনা সফল আৰু ফলপ্ৰসু আখ্যা প্ৰমোদ বড়োৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in