ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ

ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ  প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে শোকস্তব্ধ হৈ পৰিছে ওদালগুৰি। ওদালগুৰিৰ ভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত শোকসভা অনুষ্ঠিত কৰে।

ওদালগুৰি চহৰৰ মাজমজিয়াৰ বিষ্ণুৰাভা কৃষ্টিসংঘ প্ৰাঙ্গণত জিলা এবছুৱে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত বাজপেয়ীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে উপস্থিত প্ৰতিগৰাকীয়ে এগচিকৈ বন্তি প্ৰজ্বলন কৰে।

ওদালগুৰি জিলা বিজেপিৰ নেতৃত্বই জিলা কাৰ্যালয়ত সদ্যপ্ৰয়াত মহীৰূহগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে এবিভিপিৰ ওদালগুৰি শাখাই বাজপেয়ীৰ আত্মাৰ চিৰশান্তিৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ওদালগুৰিৰ কাৰ্গিল বিজয় ৰেষ্টুৰেণ্টত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। এনেদৰে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে সদ্যপ্ৰয়াত মহীৰূহগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in