শিক্ষকৰ প্ৰতিবাদত উত্তাল ওদালগুৰি উপায়ুক্তৰ কাৰ্যালয় চৌহদ….

শিক্ষকৰ প্ৰতিবাদত উত্তাল ওদালগুৰি উপায়ুক্তৰ কাৰ্যালয় চৌহদ….

ডিজিটেল সংবাদ, ওদালগুৰিঃ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় মূল্যায়ণ গোট পৰীক্ষা আৰম্ভণীৰ প্ৰাকমূহুৰ্তত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল ৰাজ্যৰ হাজাৰ হাজাৰ টেট' উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক। সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিতো মঙলবাৰে সহস্ৰাধিক টেট' উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত নিজ নিজ বিদ্যালয়ত অৰ্ধছুটী লৈ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

হাতে হাতে প্লেকাৰ্ড লৈ শিক্ষকসকলে "আমাক বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক, টেট' পৰীক্ষাৰ প্ৰমাণ পত্ৰক ঋআইচেঞ্চৰ সৈতে তুলনা নকৰিব, শিক্ষকক লৈ ৰাজনীতি বন্ধ কৰক, চৰকাৰখনে নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পালন কৰক, শিক্ষামন্ত্ৰীয়ে শিক্ষকক অপমান কৰা বন্ধ কৰক, কন-কন শিক্ষাৰ্থীৰ জীৱনক লৈ লৰা-ধেমালি নকৰিব, প্ৰাথমিক শিক্ষা ব্যৱস্থাক ধ্বংস নকৰিব, আমাৰ দাবী ন্যায্য দাবী" ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে ৰাজ্যৰ ৪১,০০০ টেট' উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ দাবী কৰি আহিছিল যদিও ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য‌ই শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। ইফালে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ সলনি কিছুদিন পূৰ্ৱে শিক্ষামন্ত্ৰীগৰাকীয়ে টেট' শিক্ষকসকলৰ টেট' পৰীক্ষাৰ প্ৰমাণ-পত্ৰক গাড়ী চালকৰ ড্ৰাইভিং লাইচেঞ্চৰ লগত তুলনা কৰাত এইসকল শিক্ষক অধিক ক্ষুন্ন হৈ পৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্তৰ লগতে শিক্ষামন্ত্ৰীগৰাকীক লাইচেঞ্চ শব্দটো উঠাই লোৱাৰ বাবে আহ্বান জনাইছিল।

কিন্তু আকোৰগোজ হৈ থকা শিক্ষামন্ত্ৰীগৰাকীৰ বাবে পুনৰ এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা বুলি শিক্ষকসকলে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্ৱে শিক্ষকসকলে ছ'চিয়েল মিডিয়াত নিজৰ নামৰ আগত ড্ৰাইভাৰ শব্দ লিখি এক মৌন প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজিৰ ধৰ্ণা কাৰ্যসূচীৰ অন্তত প্ৰতিবাদী শিক্ষকসকলে ওদালগুৰি জিলা উপায়ক্তৰ জৰিয়তে ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in