ওদালগুৰিত ছাত্ৰ সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ, ৰাজপথৰ ভোকাতুৰৰ মাজত বিতৰণ কৰিলে খাদ্য-সামগ্ৰী…

ওদালগুৰিত ছাত্ৰ সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ, ৰাজপথৰ ভোকাতুৰৰ মাজত বিতৰণ কৰিলে খাদ্য-সামগ্ৰী…

ডিজিটেল সংবাদ, ওদালগুৰিঃ মহামাৰী কোৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত মঙলবাৰৰ মাজনিশাৰ পৰা সমগ্ৰ দেশতে তলা বন্ধ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তলাবন্ধৰ বাবে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজপথতে নিদ্ৰাশ্ৰয় লোৱা একাংশ আশ্ৰয়হীন লোক। ঠিক তেনে সময়তে ওদালগুৰি চহৰত আশ্ৰয় লোৱা একাংশ মগনীয়া আৰু গৃহহীন লোকক সহায়ৰ বাবে আগবাঢ়ি আহিল দুই ছাত্ৰ সংগঠন ক্ৰমে অসমীয়া যুৱ মঞ্চ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থা। বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নিতুমণি ডেকা, বিত্ত সচিব ভবেন দত্ত, শিক্ষা সচিব ৰাজু মেধিৰ লগতে আক্ৰাছুৰ ওদালগুৰি আঞ্চলিক সমিতিৰ সম্পাদক নৱজিৎ দাসে সামাজিক দুৰত্ব বজাই ওদালগুৰি চহৰৰ এইসকল মগনীয়া আৰু গৃহহীন লোকক ছেনিটাইজাৰ, মাস্কৰ লগতে বিস্কুত, পাউৰুটি, পানীৰ বটলসহ বিভিন্ন লঘু আহাৰ যোগান ধৰে।

এই সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ জিলা সভাপতি নিতুমণি ডেকাই কয় "আমি আজি দুদিনৰ অন্তত নিজৰ ঘৰৰ বজাৰ কৰিবলৈ ওলাই আহি এই লোক সকলক এনেকৈ দেখি মৰ্মাহত হৈছো। সেয়েহে আমি নিজৰ ঘৰৰ বজাৰ কৰাৰ লগতে এইসকল লোকৰ বাবেও খাদ্য সামগ্ৰী ক্ৰয় কৰিছো। এইখিনি কৰিব যাওঁতে যাতে আমাৰ সামাজিক দুৰত্ব আৰু তলা বন্ধ ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে এই সহায়ৰ হাত আগবঢ়াইছো।" তেখেতে লগতে কয় যে "আমি চৰকাৰক দোষ দি থাকিলেই নহ'ব। ফাইলৰ বিভিন্ন মেৰ পাকৰ বাবে চৰকাৰে ইচ্ছা কৰিলেও সকলো কাম সোনকালে কৰিব নোৱাৰে। চৰকাৰে এই ক্ষেত্ৰত আচনি লৈছে যদিও দুই এদিন পলম হোৱাটো স্বাভাৱিক। গতিকে আমি আইন ভংগ নকৰাকৈ নিজৰ ঘৰৰ বজাৰ খিনি কৰোতে এনে লোকসকলৰ বাবেও কিছু বজাৰ কৰি সহায় কৰিব পাৰো।

পৰৱৰ্তী সময়ত প্ৰশাসনে অনুমতি দিলে এই লোক সকলক পুনৰ সহায় কৰিব আগুৱাই আহিব বুলিও যুৱ মঞ্চৰ নেতা জনে সদৰি কৰে। সংগঠন দুটাৰ সদস্য কেইজনে দৰিদ্ৰ লোক সকলক ছেনিটাইজাৰ আৰু মাস্ক প্ৰদান কৰাৰ লগতে কোৰোনাৰ পৰা বাচি থাকিবলৈ বিভিন্ন সজাগতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in