ওদালগুৰিত ৩৫৬ গৰাকী কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা মন্ত্ৰী ৰিহন দৈমাৰীৰ, বিনামূলীয়া শিক্ষাৰ নামত ধন লোৱা বিদ্যালয়ে ৰেহাই নাপাবঃ মন্ত্ৰী ৰিহন

ওদালগুৰিত ৩৫৬ গৰাকী কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা মন্ত্ৰী ৰিহন দৈমাৰীৰ, বিনামূলীয়া শিক্ষাৰ নামত ধন লোৱা বিদ্যালয়ে ৰেহাই নাপাবঃ মন্ত্ৰী ৰিহন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৬৯ নম্বৰ ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰিংচন মাৰ্ক, ষ্টাৰ মাৰ্ক আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩৫৬ গৰাকী শিক্ষাৰ্থীক শনিবাৰেো সম্বৰ্ধনা জ্ঞাপন কৰে সমষ্টিটোৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত এই সম্বৰ্দ্ধনা সভাৰ সভাপতিত্ব কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে।

সভাৰ আদৰণি ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমে কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে উপস্থিত সংশ্লিষ্ট বিদ্যালয়সমূহৰ শিক্ষক-প্ৰধান শিক্ষকসকলকো ধন্যবাদৰ লগতে শুভেচ্ছা জনায়। তেওঁ কয় যে, শিক্ষাৰ্থীসকল আমাৰ ভৱিষ্যৎ। তেওঁলোকে এটা সময়ত আমাৰ দেশক সকলো দিশতে নেতৃত্ব দি আগুৱাই নিব লাগিব। জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ভৱিষ্যৎ জীৱনত যাতে আৰু অধিক আগ্ৰহেৰে আগবাঢ়ি যাব পাৰে, সেই লক্ষ্য আগত ৰাখি শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিগত ২০১৮ চনত ৩৪৭ গৰাকী এনে কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা জনোৱা হৈছিল যদিও এইবেলি এই সংখ্যা ৩৫৬জনলৈ বৃদ্ধি পোৱাটো এক শুভ লক্ষণ হিচাপে পৰিগণিত হৈছে।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে সমূহ কৃৰ্তী শিক্ষাৰ্থীকে শুভেচ্ছা প্ৰদান কৰি কয় যে, পূৰ্বৰ তুলনাত কিছু হ'লেও উন্নত হৈছে জিলাখনৰ উত্তীৰ্ণৰ হাৰ। এগৰাকী শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্যত উপনীত হবলৈ হ'লে অভিভাৱকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত অভিভাৱকৰ যথেষ্ট কৰণীয় আছে বুলিও তেওঁ উল্লেখ কৰে। সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকি গোলন্দী সেনা শিৱিৰৰ কৰ্ণেল ৰাহুলে হিন্দী ভাষাৰে শিক্ষাৰ্থীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত কয় যে, এখন সমাজৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত যেনেকৈ শিক্ষাৰ্থীৰ ভূমিকা থাকে, ঠিক তেনেদৰে শিক্ষাৰ্থী এগৰাকীক সৎ পথলৈ নিয়াৰ ক্ষেত্ৰতো সমাজখনৰ যথেষ্ট কৰণীয় আছে।

তেখেতে লগতে কয়, সমাজৰ এজন ব্যক্তি নিজে সুখী নহ'লে তেওঁ কেতিয়াও সমাজখনক সুখী কৰিব নোৱাৰে। এগৰাকী অভিভাৱকে শিক্ষাৰ্থীৰ ৰুচি অনুযায়ী ভৱিষ্যতৰ পথত আগবঢ়াই দিব লাগে। এগৰাকী শিক্ষাৰ্থীৰ সফলতাৰ বাবে শিক্ষাৰ্থী আৰু অভিভাৱক উভয়ে ত্যাগ কৰিব লাগিব। এইক্ষেত্ৰত উভয়পক্ষৰে কৰণীয় পৃথক হ'লেও লক্ষ্য এটাই হোৱা উচিত।

উক্ত সভাত বিধায়ক চৰণ বড়ো, ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়েও চমু ভাষণ প্ৰদান কৰে। ইয়াৰ পাছত বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত উপস্থিত কৃৰ্তী শিক্ষাৰ্থীসকলক এখনকৈ ফুলাম গামোচা আৰু পেনড্ৰাইভেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনাৰ অন্তত মন্ত্ৰী ৰিহন দৈমাৰীয়ে সাংবাদিকৰ সৈতে মত ব্যক্ত কৰি কয় যে, উঠি অহা প্ৰজন্ম তথা শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এনেধৰণৰ সম্বৰ্ধনা কাৰ্যসূচী বিগত ২০০৭ চনৰ পৰাই ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা হৈছে।

সম্বৰ্ধনা লাভ কৰা শিক্ষাৰ্থীসকলে আগন্তুক জীৱনত অধিক উৎসাহেৰে আগুৱাই যাব বুলি আশা প্ৰকাশ কৰিলে। ইফালে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া শিক্ষাৰ নামত একাংশ বিদ্যালয়ে ধন সংগ্ৰহ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে, বিদ্যালয়সমূহে কোনো কাৰণতে বিনামূলীয়া শিক্ষাৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰে। এই সন্দৰ্ভত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকক অৱগত কৰা হৈছে। যদিহে কোনো বিদ্যালয়ে বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰত ধন সংগ্ৰহৰ প্ৰমান পোৱা যায় তেন্তে তেনে বিদ্যালয় সমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব। এইক্ষেত্ৰত কোনো এখন বিদ্যালয় ৰেহাই নাপাব বুলি মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে।

অনুষ্ঠাটোত উপস্থিত থাকে এমচিএলএ ৰিপেন দৈমাৰী, ২৩ নং লালপুল এছএছবি ছাউনীৰ বিষয়া, বিভিন্ন বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক, বিশিষ্ট ব্যক্তি, শিক্ষাৰ্থীৰ অভিভাৱক আৰু বিপিএফ দলৰ বহু বিষয়বৱীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in