হৰিশিঙা আছুৱে জ্বলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি, VIDEO

হৰিশিঙা আছুৱে জ্বলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি, VIDEO

ডিজিটেল সংবাদ, হৰিশিঙাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ৰাইজ। সকলো লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। হৰিশিঙাত শনিবাৰে হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ শ শ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকি মৃতদেহ লৈ হৰিশিঙা চহৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷

কেব কোনোপধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ দি শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে ছাত্ৰ সন্থাই যুঁজি যাব বুলি উল্লেখ কৰে৷ হৰিশিঙা তিনিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে৷ কেবৰ সপক্ষে সৰ্বানন্দ সোণোৱাল থকাৰে পৰা জাতীয় নায়ক উপাধিটো জাতীয় খলনায়ক হোৱা বুলি দাবী কৰিলে হৰিশিঙা আছুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in