হৰিশিঙাৰ ৰে’ল বিস্ফোৰণঃ এজনক সংকটজনক অৱস্থাত জিএমচিলৈ প্ৰেৰণ

হৰিশিঙাৰ ৰে’ল বিস্ফোৰণঃ এজনক সংকটজনক অৱস্থাত জিএমচিলৈ প্ৰেৰণ

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে সন্ধিয়া ৬:৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰন সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হয়। আহতসকলৰ ভিতৰত এজনৰ নাম হৰিশিঙাৰ ২ নম্বৰ পট্টিৰ ৰাহুল দাস(২৬) আৰু টংলাৰ খিৰোদা বৰা(৪৮), কৰিষ্মা ডেকা, নৱজিৎ দাস বুলি জানিব পৰা গৈছে। গুৰুত্বৰভাৱে আহত ৰাহুল দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণী মতে, কামাখ্যাৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ইণ্টাৰচিটি ৰেলখন হৰিশিঙা ৰে'ল ষ্টেচন আহি পোৱাৰ পূৰ্বে কঠালগুৰিত ১৫৪৬৬ নম্বৰৰ এটা ডবাত বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগে। ডবাটোত লগে লগে ধোৱাই আগুৰি ধৰে। ঘটনাস্থলীত এক চেপা উত্তেজনা পৰিস্থিতিয়ে বিৰাজ কৰে।

যাত্ৰীসকলে আপতকালীল ব্ৰেক লগাই গাড়ীখন ৰখায়। উক্ত ঘটনাৰ সবিশেষ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনাস্থলীত জিলা আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙ উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰে। তেওঁ সাংবাদিকক জানিবলৈ দিয়া মতে, ঘটনাস্থলীলৈ বোমা বিশেষজ্ঞৰ দল আহি আছে। তেওঁলোকেহে ঘটনাত কি বিস্ফোৰিত হৈছে সেয়া জনাব পাৰিব।

প্ৰাথমিক অনুসন্ধানৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে বোমাটো সংস্থাপিত বোমা বুলি সন্দেহ প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনাস্থলীত সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে ঘেৰি ৰাখিছে। বৰ্তমানৰলৈকে ৰেলখন হৰিশিঙা ৰেল ষ্টেচনত ৰখাই থোৱা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in