শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত হৰিনামৰ ধ্বনিৰে মুখৰিত ওদালগুৰি

শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত হৰিনামৰ ধ্বনিৰে মুখৰিত ওদালগুৰি

ডিজিটেল সংবাদ, ওদালগুৰিঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি ভক্তিৰসত বুৰ গ'ল ওদালগুৰি। অৰ্ধসহস্ৰাধিক ভক্তৰ বিশাল শোভাযাত্ৰাৰে ভাগৱত লৈ ওদালগুৰি নগৰ পৰিভ্ৰমণ কৰা হয়। ফলত শোভাযাত্ৰাত অংশগ্ৰহণকাৰী আই-মাতৃ, বাপ-বান্ধৱৰ হৰিনাম ধ্বনিত মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজপথ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱখনি কালিৰে পৰা ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা ৪ বজাত প্ৰভাত ফেৰী অনুষ্ঠিত হয়, পুৱা ৮ বজাত থাপনা গৃহত ভাগৱত স্থাপন আৰু নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়, ৮:৩০ বজাত ভাগৱত পাঠ, ৯ বজাত ধৰ্মধ্বজ্জা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নৰেন দাসে।

পুৱা ৯:৩০ বজাত সৰু ল'ৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, ১০ বজাত চিত্ৰাঙ্কন প্ৰতিযোগিতা, ১০:৩০ বজাত বক্তৃতা প্ৰতিযোগিতা, ১১:৩০ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। আবেলি ৪ বজাত আইসকলৰ দ্বাৰা ঘোষা নাম প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত বৰগীত প্ৰতিযোগিতা, ৬:৩০ বজাত বন্তি প্ৰজ্বলন, সন্ধিয়া ৭:৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে বিটিচি এমচিএলএ ৰিপেন দৈমাৰীয়ে, ৮:৩০ বজাত শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন।

আনহাতে আজি হৈ যোৱা কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত থাপনা গৃহত নাম-প্ৰসঙ্গ, ৯ বজাত থাপনা গৃহ প্ৰাঙ্গণত ঠিয় নাম আৰু ১০ বজাত উলিওৱা হয় ভাগৱত লৈ নগৰ ভ্ৰমণ কাৰ্যসূচী আৰু শোভাযাত্ৰা। ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য্য বাপ বিমল ভগতে শিৰত ভাগৱত লৈ ভাগৱত যাত্ৰাত অংশগ্ৰহণ কৰে।

ওদালগুৰিৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা আই-মাতৃ, বাপ-বান্ধৱৰ হৰিনাম ধ্বনিত মুখৰিত হৈ পৰে শোভাযাত্ৰাস্থলী। মহোৎসৱ স্থলীৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী উদ্বোধন কৰে ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। বিভিন্নজনে নিজৰ পদুলিৰ সন্মুখত গামোচা পাৰি সেৱা জনোৱাৰ লগতে ভক্তৰ পদধুলি গ্ৰহণ কৰে।

এই শোভাযাত্ৰাই ওদালগুৰি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সামৰণি পৰে। সন্ধিয়া ৬ বজাত এককসত্ৰীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ৭:৩০ বজাত শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন আৰু নিশা ৯ বজাত নাট্যাভিনয় অনুষ্ঠিত হয়। আনহাতে কাইলৈ অৰ্থাৎ শুকুৰবাৰে আবেলি ৪ বজাত অনুষ্ঠিত হবলগীয়া মুকলী ধৰ্মালোচনী সভাত অসমৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰাৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in