ৰে’লত সুৰক্ষিত নহয় মহিলা! ওদালগুৰিত যুৱতীক কৰ্তব্যৰত আৰপিএফ জোৱানৰ বলাৎকাৰৰ অপচেষ্টা…

ৰে’লত সুৰক্ষিত নহয় মহিলা! ওদালগুৰিত যুৱতীক কৰ্তব্যৰত আৰপিএফ জোৱানৰ বলাৎকাৰৰ অপচেষ্টা…

ডিজিটেল সংবাদ, ওদালগুৰিঃ চলন্ত ৰেলত যে যুৱতী আৰু মহিলা যাত্ৰী কেতিয়াও সুৰক্ষা নহয়, সেয়া পুনৰ প্ৰমাণিত হ'ল ওদালগুৰিত। মঙলবাৰে ওদালগুৰিত কৰ্তব্যৰত আৰপিএফ জোৱানে চলন্ত ৰেলত ধৰ্ষণৰ চেষ্টা চলালে এগৰাকী যুৱতীক। যুৱতীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এগৰাকী বান্ধৱীৰ সৈতে তেওঁ ৫৫৮৯৬ নম্বৰ মুৰ্কংচেলেক-ৰঙিয়া যাত্ৰীবাহী ৰেলযোগে মহিলাৰ বাবে সুৰক্ষিত ডবাত উঠি লক্ষিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল।

ঠিক তেনে অৱস্থাত ৰেলখন মাজবাট পাৰ হ‌ওঁতেই যুৱতীগৰাকী প্ৰস্ৰাৱগাৰত সোমায়। কিন্তু প্ৰস্ৰাৱগাৰৰ পৰা ওলোৱাৰ পাছতে প্ৰস্ৰাৱগাৰৰ সন্মুখত পূৰ্ৱৰে পৰা ৰৈ থকা এজন কৰ্তব্যৰত আৰক্ষী জোৱানে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত স্পৰ্শ কৰে।

ইয়াৰ পাছত যুৱতীগৰাকীয়ে ডবাটোত থকা আন মহিলাক ঘটনা সন্দৰ্ভত অৱগত কৰে। পাছত ৰেলখন আহি ওদালগুৰি ষ্টেচন পোৱাৰ পাছতে ডবাটোত থকা আন যাত্ৰীসকলে ওচৰৰ ডবাৰ যাত্ৰীসকলক ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে আৰপিএফ জোৱানজনক বাহিৰলৈ উলিয়াই আনে। ফলত ষ্টেচনটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

স্থানীয় লোকে জোৱানজনক উত্তম মাধ্যম দিবলৈ আৰম্ভ কৰে। ঘটনাৰ বিষয়ে অৱগত হৈ স্থানীয় আৰক্ষী আৰু আন নিৰাপত্তাৰক্ষী ষ্টেচনটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও ৰাইজ আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতি হৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষীয়ে অভিযুক্ত আৰপিএফ জোৱানজনক ওদালগুৰি আৰক্ষী থানালৈ নি সোধপোচ অব্যাহত ৰাখে।

জানিব পৰা মতে অভিযুক্ত জোৱানজন উত্তৰ প্ৰদেশৰ পি আৰ শুক্লা। ভুক্তভোগী যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী জোৱানজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। মহিলাৰ সুৰক্ষাৰ বাবে প্ৰতিখন ৰেলত সংযোগিত বিশেষ ডবাত সংঘটিত এনে ঘটনাই প্ৰতিগৰাকী যুৱতী-মহিলা যাত্ৰীক শংকিত কৰি তুলিছে। ঘটনা সন্দৰ্ভত ৰেল আৰক্ষী থানাত এক গোচৰ দিয়াৰ কথা যুৱতীগৰাকীয়ে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in