ওদালগুৰিৰ ৰৌতা ৰে’ল ষ্টেচনৰ জিৰণি কক্ষত উদ্ধাৰ অচিনাক্ত মৃতদেহ…

ওদালগুৰিৰ ৰৌতা ৰে’ল ষ্টেচনৰ জিৰণি কক্ষত উদ্ধাৰ অচিনাক্ত মৃতদেহ…
  • ওদালগুৰিত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহ।
  • ওদালগুৰিৰ ৰৌতা ৰে'ল ষ্টেচনৰ যাত্ৰীৰ জিৰণি কক্ষত উদ্ধাৰ কৰে মৃতদেহটো।
  • যাত্ৰী জিৰণি কক্ষত থকা লোকে প্ৰথমে কোনো লোক শুই থকা বুলি সন্দেহ কৰিছিল।
  • কিন্তু বহু সময় ধৰি লৰচৰ নকৰাত প্ৰত্যক্ষদৰ্শীৰ খবৰ দিয়ে ষ্টেচন মাষ্টৰক।
  • তাৰপাছত ঘটনাস্থলীত উপস্থিত হয় ষ্টেচন মাষ্টৰ আৰু জিআৰপিএফৰ এটা দল।
  • ইফালে, মৃতদেহ বৰ্তমানলৈ চিনাক্ত হোৱা নাই।
  • ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ওদালগুৰি অসামৰিক চিকিৎসালৰ মৰ্গত ৭২ ঘন্টাৰ বাবে ৰখা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in