ওদালগুৰিত চলন্ত ৰেললৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ, নিৰাপত্তাহীনতাত ৰেলযাত্ৰী..

ওদালগুৰিত চলন্ত ৰেললৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ, নিৰাপত্তাহীনতাত ৰেলযাত্ৰী..

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি ৰেল ষ্টেচনৰ সমীপৱৰ্তী অঞ্চলৰ ৰেলপথসমূহত ক্ৰমাৎ নিৰাপত্তহীনতাত ভুগি আহিছে ৰেলযাত্ৰীসকল। কিয়নো প্ৰায়েই এই অঞ্চলসমূহত দূৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে সাধাৰণ ৰেলযাত্ৰী। ৰঙিয়া-ৰঙাপাৰা সংযোগী ৰেলপথত এতিয়া একাংশ দুৰ্বৃত্তই সংঘটিত কৰি গৈছে ইটোৰ পাছত সিটো ঘটনা। চলন্ত ৰেলগাড়ীলৈ লক্ষ্য কৰি একাংশ দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰে। এই শিলগুটিয়ে ৰেলৰ খিৰীকীৰে সোমাই সাধাৰণ যাত্ৰীৰ শৰীৰৰ বিভিন্ন অংশত গুৰুত্বৰভাৱে আঘাত কৰে।

এয়া কোনো নতুন কথা নহয়, প্ৰায় সঘনাই ওদালগুৰি ৰেল ষ্টেচনটোৰে সন্ধিয়া চলাচল কৰা কামাখ্যা-ডেকাৰগাওঁ ইণ্টাৰচিটী এক্সপ্ৰেছ, ৰঙিয়া-ৰঙাপাৰা যাত্ৰীবাহী ৰেল, ডেকাৰগাওঁ-ৰঙাপাৰা যাত্ৰীবাহী ৰেলত যাত্ৰীসকল দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ আহিছে। কেৱল সন্ধিয়া বা নিশা নহয়, বিভিন্ন সময়ত দিন দুপৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে সাধাৰণ ৰেলযাত্ৰী। সন্দেহ কৰা অনুসৰি সন্ধিয়া মাদকদ্যব্য সেৱন কৰি দুৰ্বৃত্তই এনে কাণ্ড সংঘটিত কৰে।

উল্লেখ্য যে বহুবাৰ সংঘটিত এই ঘটনা সন্দৰ্ভত ষ্টেচন কৰ্তৃপক্ষক বিভিন্ন সময়ত জনোৱাৰ পাছতো এইসমূহ ৰেলগাড়ীত উপযুক্ত ৰেল আৰক্ষী নশমোতায়েন কৰা হোৱা নাই। আতি আশ্চৰ্যকৰ বিষয় এয়ে যে সঘনাই দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ এইসমূহ ৰেলগাড়ীৰ কোনো কোনো ডবাত এজনো আৰক্ষীৰ লোক উপস্থিত নাথাকে। ফলত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত ভুক্তভোগী লোকে ঘটনাৰ অভিযোগ দিবলৈ বিচাৰি নাপায় এজনো নিৰাপত্তাৰক্ষীক।

বিগত সোমবাৰেও ৰঙিয়া-ওদালগুৰি অভিমুখি ৰেলত সংঘটিত হৈছে দুৰ্বৃত্তৰ এই আক্ৰমণৰ ঘটনা। ৰেলৰ লাইনত পাৰি থোৱা শিলেৰে দুৰ্বৃত্তই কৰা আক্ৰমণৰ ফলত আহত হয় এগৰাকী ৰেলযাত্ৰী। খিৰিকীৰ ভিতৰলৈ সোমাই অহা শিলে এগৰাকী ৰেলযাত্ৰীৰ ডিঙিত বেয়াকৈ আঘাত কৰে। ইয়াৰ পাছত তেওঁ ৰেলখনত প্ৰাথমিক চিকিৎসাৰ সুবিধা নোপোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে। মনকৰিবলগীয়া বিষয় এয়ে যে দীৰ্ঘদিন ধৰি চলন্ত ৰেলত মহিলা অথৱা যুৱতীৰ সৈতে সংঘটিত অপকৰ্মৰ লগতে বহু অপৰাধ সংঘটিত হোৱাৰ খবৰ সুলভ।

কিন্তু ইয়াৰ পাছতো যাত্ৰীৰ সুবিধাৰ বাবে ভাৰতীয় ৰেল বিভাগে উপযুক্ত নিৰাপত্তা কিয় দিব নোৱাৰে বুলি ৰেলযাত্ৰী সকলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। ৰেলযাত্ৰীসকলক উপযুক্ত নিৰাপত্তা প্ৰদানৰ লগতে ৰেলসমূহত নিৰাপত্তাৰক্ষী মোতায়েনৰ দাবী উত্থাপন কৰিছে। আনহাতে একাংশ ভুক্তভোগীয়ে এনে ধৰণৰ বিষয় সন্দৰ্ভত ৰেল আৰক্ষীক অভিযোগ দিবলৈ বিচাৰি নিপাই ছ'চিয়েল মিডিয়া যোগে ৰাইজক সতৰ্ক হোৱাৰ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in