শেহতীয়া খবৰ
অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...  •  ‘আমাৰ যুদ্ধ কাশ্মীৰৰ বাবে, কাশ্মীৰ বিৰুদ্ধে নহয়...’

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিৰ ৰাজপথত বিশাল সমদল…

কাৰাদণ্ড আৰু শান্তি আলোচনা সমান্তৰালভাৱে অসম্ভৱ: অঞ্জলী দৈমাৰী

195

ডিজিটেল সংবাদ, ওদালগুৰিঃ এন ডি এফ বিৰ কাৰাৰুদ্ধ অধ্যক্ষ ডি আৰ নাবলা ওৰফে ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবীত মঙলবাৰে ওদালগুৰিত উলিওৱা হয় এক বিশাল সমদল। ওদালগুৰি ডাইমণ্ড ইংলিচ স্কুলৰ সমীপৰ নলবাৰী খেলপথাৰৰ পৰা উলিওৱা সমদলটো চহৰখনৰ সোঁমাজেৰে প্ৰায় চাৰি কিল’মিটাৰ পথ খোজ কাঢ়ি গৈ পুনৰ একেখন খেল পথাৰত সামৰণি পৰে। “ডি আৰ নাবলাক মুক্তি দিয়ক ,নো নাব্লা নো পিচ্ , ডিফাইদ আচাম ফিভটি ফিভটি” অবিৰাম ধ্বনিত কপি উঠে ওদালগুৰি চহৰ।

হেজাৰ হেজাৰ প্ৰতিবাদকাৰীৰে লানি নিচিগা শাৰীৰ ফলত চহৰখনৰ বাট পথ স্তব্ধ হৈ পৰে। বড়ো ওমেন জাষ্টিচ ফ’ৰাম, চচাইটি এণ্ড ইণ্ডিজিনিয়াচ পিপল ফৰ ৰাইট আৰু বি পি চি পি আইৰ উদ্যোগত উলিওৱা সমদলৰ অন্তত খেলপথাৰখনত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰী, এন ডি এফ বিৰ সাধাৰন সম্পাদক বি অঞ্জালু, বি টি চি প্ৰাক্তন উপাধ্যক্ষ পুৰ্নকান্ত দৈমাৰী, উদ্যোক্তা সংগঠনৰ নেতৃবৃন্দৰ লগতে আগছুৰ বিটিচি আঞ্চলিকৰ সম্পাদক ৰোহিত দাহাল উপস্থিত থাকে।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অঞ্জলী দৈমাৰীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে – যিকোনো দোষীক শাস্তি দিয়াত আপত্তি নাই, কিন্তু বিচাৰত বৈষম্য থাকিব নেলাগে। কোনো উগ্ৰপন্থী সংগঠনৰ নেতাৰ ফাষ্টট্ৰেকত বিছাৰ চলাই শাস্তি বিহা নাই। কিন্তু এন ডি এফ বিৰ ক্ষেত্ৰত বৈষম্য কৰা বুলি দৈমাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শান্তি চুক্তিৰ জৰিয়তে এন ডি এফ বিৰ কাৰাৰুদ্ধ অধ্যক্ষ গৰাকীক মুক্তি দিবলৈ তেওঁ দাবী জনাই কাৰাৰুদ্ধ আৰু শান্তি আলোচনা সমান্তৰালভাৱে নহয় বুলিও উল্লেখ কৰে।

কাৰাৰুদ্ধ নেতাজনৰ মুক্তিৰ বাবেই হেজাৰ হেজাৰ বড়ো ৰাইজ ওলাই অহা বুলি তেওঁ জানিবলৈ দি শান্তিৰ হকে চৰকাৰে তেওঁক মুক্তিৰ দৰে পদক্ষেপ লব লাগে বুলি নেত্ৰী গৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে চিবিআইৰ বিশেষ আদালতে বিগত ৩০ জানুৱাৰীত এনডিএফবিৰ অধ্যক্ষগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণাৰ পিছৰে পৰা তেওঁৰ মুক্তিৰ দাবীত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি