নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওদালগুৰিত বিশাল বাইক ৰেলী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওদালগুৰিত বিশাল বাইক ৰেলী

ডিজিটেল সংবাদ, ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন ৩০টাকৈ জাতীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোমবাৰে ওদালগুৰিত এক বিশাল মটৰ চাইকেল ৰেলী বাহিৰ কৰা হয়। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱনৰ পৰা উলিওৱা এই মটৰ চাইকেল ৰেলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাওতালী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।

হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ হুচিয়াৰ, সৰ্বানন্দ-হিমন্ত লেই লেই চেই চেই, অসমত ধৰ্মৰ নামত ৰাজনীতি নচলিব, অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয়, বিজেপি চৰকাৰ নিপাত যাওঁক শ্লোগানেৰে প্ৰায় ১৫ কিলমিটাৰ পথ পৰিভ্ৰমণ কৰি সমদলটি পুনৰ শ্বহীদ ভৱনত সমৰণি পৰে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি আছু নেতৃত্বই কয় যে, বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰখনে অসমক মাহী আইৰ দৃষ্টিৰে চাই চাই অৱশেষত অসমখনক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। অসমখন অবৈধ লোকৰ চৰণীয়া পথাৰ নহয় যে ইয়াত যাকেই মন যায় তাকেই নাগৰিকত্ব প্ৰদান কৰিব। খিলঞ্জীয়া জাতি ৰক্ষাৰ স্বাৰ্থত অসম আন্দোলনৰ দৰে এক বৃহৎ আন্দোলনত ৮৫৫ গৰাকী ডেকাৰ কেচাঁ তেজৰ বিনিময়ত স্বাক্ষৰিত হৈছিল অসম চুক্তি। এই চুক্তিক নস্যাৎ কৰি অসমত বসৱাস কৰা খিলঞ্জীয়াৰ অধিকাৰ বিঘ্নিত হ'ব পৰা কোনো কথাই আছুৱে মানি নলয়।

যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হবই লাগিব বুলিও কয় আছু নেতৃত্বই। ইফালে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এজেৱাইচিপ আৰু চাওতালী ছাত্ৰ সন্থাৰ নেতৃত্বই কোনো কাৰণতে এই জাতিধ্বংসী বিধেয়ক মানি ল'ব নোৱাৰো বুলি উল্লেখ কৰে। সোমবাৰৰ প্ৰতিবাদী মটৰ চাইকেল সমদলত আছুৰ কেন্দ্ৰীৰ কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে অভিজিৎ এছ কাশ্যপ, ৰাজদ্বীপ দাস, এজেৱাইচিপিৰ জিলা উপ-সভাপতি ব্ৰজেন ওজাঁ, চাওতালী ছাত্ৰ সন্থাৰ জিলা সভাপতি সুনিৰাম হেমব্ৰমৰ লগতে বহুতো ছাত্ৰকৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in