চিনেমাৰ কায়ডাৰে ডকাইটি কৰা চাৰি দুৰ্বৃত্ত ওৰাং আৰক্ষীৰ জালত, VIDEO

চিনেমাৰ কায়ডাৰে ডকাইটি কৰা চাৰি দুৰ্বৃত্ত ওৰাং আৰক্ষীৰ জালত, VIDEO

ডিজিটেল সংবাদ, ওদালগুৰি/ওৰাংঃ বিগত ১৬ জুলাইত ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং-শিলবড়ী সংযোগী পথৰ ধুপগাঁৱৰ সমীপত সংঘটিত হৈছিল এক লোমহৰ্ষক ডকাইটি কাণ্ড। এই সন্দৰ্ভত ওৰাং আৰক্ষী থানাত গোচৰ হৈছিল। উক্ত ডকাইটি কাণ্ডত জড়িত থকাৰ অপৰাধত শুকুৰবাৰে ওৰাং আৰক্ষীয়ে পাঁচগৰাকী দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজন ক্ৰমে নুৰ মহম্মদ(৩৯), হাবিজুৰ ৰহমান(২৪), আজমত আলী(২৫) আৰু চুলেমান আলী(১৩) বুলি জানিব পৰা গৈছে।

এজাহাৰকাৰী ব্যৱসায়ী মঃ মাহমুদুৰ ৰহমানে জানিবলৈ দিয়া অনুসৰি ১৬ জুলাইৰ নিশা তেওঁ ব্যৱসায়ীক সূত্ৰে চিলাপথাৰৰ পৰা ওৰাংস্থিত বাসগৃহলৈ এ‌এছ২৭চি৪৭৯১ নম্বৰৰ বলেৰো পিক‌আপ বাহনেৰে আহি থকা অৱস্থাত নিশা প্ৰায় ১২-২০ বজাত ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওৰাং-শিলবড়ী সংযোগী পথৰ ধুপগাঁৱৰ সমীপত পাঁচজন দুৰ্বৃত্ত‌ই মুখত ক'লা কাপোৰ বান্ধি দুখন মটৰচাইকেল ৰাজপথৰ সোঁমাজত ৰখাই থয়। ফলত বাহনখনৰ চালকে বাহনৰ গতিবেগ কমাই দিয়াত দুৰ্বৃত্তৰ দলটোৱে খেদি খেদি বাহনখন ৰখাই লৈ ব্যৱসায়ীগৰাকীক বাহনৰ ভিতৰৰ পৰা বাহিৰলৈ টানি নিয়ে।

ইয়াৰোপৰি দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনৰ পৰা নগদ ৮৫হাজাৰ নগদ ধন, মোবাইল ফোন আৰু এটিএম কাৰ্ড লৈ পলাই যোৱা বুলি ব্যৱসায়ীজনে উল্লেখ কৰে। পাছত বৃহস্পতিবাৰে সন্ধিয়া ওৰাং আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১, ৩৯৭ নম্বৰ ধাৰাৰ অধীনত ৬০/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধুপগাওঁত এক অভিযান চলাই ঘটনাত জড়িত চাৰিগৰাকী দুৰ্বৃত্তক আটক কৰাৰ লগতে এখন নম্বৰপ্লেটবিহীন পালচাৰ মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in