ৰাজ্যত যিকোনো সময়ত হ’ব পাৰে জিলা ভিত্তিক লকডাউনঃ মন্ত্ৰী পীয়ুষ হাজৰিকা…

ৰাজ্যত যিকোনো সময়ত হ’ব পাৰে জিলা ভিত্তিক লকডাউনঃ মন্ত্ৰী পীয়ুষ হাজৰিকা…
  • ওদালগুৰিত উপস্থিত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা।
  • বিজেপিৰ জনসম্পৰ্কৰক্ষী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
  • ওদালগুৰিৰ প্ৰায় ১৩ গৰাকী বিভিন্ন লোকৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী।
  • মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত জিলা বিজেপি কাৰ্যালয়ত সম্বোধন কৰে এক সংবাদমেল।
  • সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
  • চৰকাৰখনে আগন্তুক দিনত শিক্ষাৰ্থী, কৃষক, মহিলাসকলৰ বাবে আগন্তুক দিনত কাম কৰি যাব।
  • বিটিচি নিৰ্বাচন সন্দৰ্ভত দলটো তৎপৰ হোৱাৰ কথা ঘোষণা কৰে তেওঁ।
  • ইতিমধ্যে বিটিচিৰ ২৫ খন আসন দখল কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
  • বিটিচি নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰি অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে।
  • এই কথাও ঘোষণা কৰে সংবাদমেলখনত মন্ত্ৰী পীয়ুষ হাজৰিকাই।
  • পৰৱৰ্তী সময়ত কাৰোৱাৰ সৈতে মিত্ৰতা সন্দৰ্ভত দলে স্থিতি গ্ৰহণ কৰিব।
  • বিজেপিয়ে বিচাৰে অতিশীঘ্ৰে অনুষ্ঠিত হ‌ওঁক বিটিচি নিৰ্বাচন।
  • বিটিচিৰ সমান্তৰালভাৱে বিজেপিৰ লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন।
  • বৰ্তমান চৰ্চিত বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সাম্ভাব্য তালিকাৰ কোনো ভিত্তি নাই, এইবোৰ মিছা।
  • পুনৰ লকডাউন বৃদ্ধিৰ ইংগিত মন্ত্ৰীগৰাকীৰ।
  • এইবাৰ ৰাজ্যত যিকোনো সময়ত হ'ব জিলাভিত্তিক লকডাউন।
  • ৰাইজে নীতি-নিয়ম নামানিলে তথা ক্ৰমাৎ ক'ভিড সংক্ৰমণ বৃদ্ধি হ'লে লকডাউনৰ সম্ভাৱনা আছে।
  • ৰাজ্যত ক'ভিডৰ গণসংক্ৰমণৰ আশংকা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in