জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই ক্ৰমাৎ শৈক্ষিক পৰিৱেশ বিনষ্ট ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা এখন প্ৰাথমিক বিদ্যালয়ৰ…

জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই ক্ৰমাৎ শৈক্ষিক পৰিৱেশ বিনষ্ট ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা এখন প্ৰাথমিক বিদ্যালয়ৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ যিসময়ত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যৰ শিক্ষা বিভাগে অসমৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী তথা আচনি হাতত লৈ আহিছে ঠিক তেনে সময়তে প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা এখন বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ক্ৰমাৎ বিনষ্ট হৈ পৰিছে।

১৯৪৮ চনত স্থাপিত ওদালগুৰি জিলাৰ ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ৫৮৬ নং গেৰুৱা বগৰিগুৰি প্ৰাথমিক বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ক্ৰমান্বয়ে বিনষ্ট হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো বিদ্যালয়খনৰ সন্মুখত জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে আছে ৰাজহুৱা প্ৰতিবাদস্থলী। ফলত প্ৰায় সঘনাই বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বিভিন্ন দল-সংগঠনে উক্ত স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। যাৰ বাবে বিদ্যালয়খনত একপ্ৰকাৰ বন্ধ হৈ পৰে পাঠদান। উচ্চস্বৰত মাইকৰ শব্দ তথা বিভিন্ন প্ৰতিবাদী শ্লোগানৰ বাবে বিদ্যালয়খনত পাঠদান কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষয়ত্ৰীসকলে।

পাঠদানৰ সময়ত বিদ্যালয়খনলৈ অহা শ্লোগান তথা ধ্বনিবোৰৰ বাবে বিদ্যালয়খনৰ পাঠদান আধাতে সামৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বুলি শিক্ষয়ত্ৰীসকলে প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ দিনটোত বিদ্যালয়খনত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে শিক্ষয়ত্ৰীসকলো বিমোৰত পৰাৰ কথা উল্লেখ কৰে। বিদ্যালয়ত পাঠদান কৰি থকাৰ সময়ত শিক্ষয়ত্ৰীয়ে কোনো বিষয় বুজাই থাকিলে এনে অসস্তিকৰ পৰিৱেশৰ বাবে বিষয়টো শিক্ষাৰ্থীসকলে আয়ত্ব কৰিব নোৱাৰাৰ কথা কন কন ছাত্ৰ-ছাত্ৰীসকলে উল্লেখ কৰে। কেৱল এয়াই নহয়, বিদ্যালয়ত মূল্যায়ণ পৰীক্ষা চলি থকাৰ সময়তো উক্ত স্থানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি শিক্ষাৰ্থীসকলে কয় যে এনে উচ্চস্বৰৰ শব্দৰ বাবে তেওঁলোকৰ মূল্যায়ন লিখাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

সকলোৰে শান্তি-শৃংখলাৰে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে যদিও একমাত্ৰ বিষয়টো সন্দৰ্ভত প্ৰশাসনে আওকান কৰি অহাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা এই প্ৰাথমিক বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ক্ৰমাৎ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত বিদ্যালয়খনত অধ্যয়ণৰত শিক্ষাৰ্থীৰ অভিভাৱকসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিদ্যালয়ৰ সন্মুখেৰে প্ৰতিদিনে পাৰ হৈ যায় জিলাখনৰ শিক্ষা বিভাগৰ মুৰব্বীৰ লগতে আন আন বিষয়াসকল।

কিন্তু কি কাৰণত এইখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সমস্যাটো আজিলৈ তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই সেয়াহে ৰহস্যজনক বিষয়। বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক তথা সচেতন মহলে জিলা প্ৰশাসন তথা জিলা শিক্ষা বিভাগলৈ অনুৰোধ জনাই প্ৰতিবাদস্থলী কিছু অন্য স্থানলৈ স্থানান্তৰ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অক্ষুন্ন ৰখাৰ বাবে আহ্বান জনায়। এইক্ষেত্ৰত জিলা প্ৰশাসনে বিষয়টো সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in