ওদালগুৰিত বড়ো চুক্তি স্বাক্ষৰকাৰী নেতৃত্বক উষ্ম আদৰণিঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি অহাসকলে ৰাইজৰ মাজত মৰম বিলাওঁকঃ প্ৰমোদ…

ওদালগুৰিত বড়ো চুক্তি স্বাক্ষৰকাৰী নেতৃত্বক উষ্ম আদৰণিঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি অহাসকলে ৰাইজৰ মাজত মৰম বিলাওঁকঃ প্ৰমোদ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত নতুন বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি বুধবাৰে ওদালগুৰিত প্ৰথমবাৰৰ বাবে উপস্থিত হয় নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু এনডিএফবি(প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰীসহ উভয় সংগঠনৰে নেতৃত্ব।

দিনৰ প্ৰায় ২:৩০ বজাত আদৰণিস্থলীত উপস্থিত হোৱাৰ লগে লগেই এবছু, এনডিএবিৰ জয়ধ্বনি তথা চিফুং-বাগুৰুম্বা নৃত্যৰ মাজেৰে এইসকল বড়ো নেতৃত্বক আদৰণি গ্ৰহণ কৰা হয়। পোন প্ৰথমবাৰৰ বাবে ওদালগুৰিত পদাৰ্পন কৰা এইসকল নেতৃত্বক ওদালগুৰি চহৰৰ দুৰ্গাপূজা প্ৰাংগনত ৰাজহুৱাভাৱে আয়োজন কৰা আদৰণী অনুষ্ঠানত বড়োজাতীয় আৰনাইৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোকে বিপুলভাৱে আদৰণী জনায়।

ওদালগুৰি জিলা এবছু, জিলা পিপল জ‌ইণ্ট একচন সমিতি, জিলা এজেৱাইচিপি, জিলা গোৰ্খা ছাত্ৰ সন্থা, বড়ো হাৰিমু আফাড, ইউপিপিলৰ লগতে অৰ্ধসহস্ৰাধিক দল-সংগঠন আৰু ব্যক্তিয়ে এইসকল বড়ো নেতৃত্বক উষ্ম আদৰণি জনায়। ৰাইজৰ উষ্ম আদৰনি গ্ৰহন কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে সদ্য স্বাক্ষৰিত চুক্তি অনুসৰি বড়োলেণ্ড স্বায়ত্বশাসিত অঞ্চল চমুকৈ বিটিআৰত এতিয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটিছে।

ইয়াৰ জৰিয়তে সমাজত এক সুস্থিৰতা অহাৰ কথা উল্লেখ কৰি ইয়াৰ দ্বাৰা ভয়-শংকা পৰিহাৰ কৰি এজনে আনজনক সন্মান, সহায়-সহযোগিতাৰে আগবঢ়াই নিব পাৰিব। যিসকল লোকে নিজৰ অধিকাৰৰ দাবীত অস্ত্ৰ হাতত তুলি অৰণ্যলৈ গৈছিল তেওঁলোক এতিয়া গণতান্ত্ৰিক পৰিৱেশৰ মাজেৰে ঘৰলৈ ঘুৰি আহিছে। গতিকে তেওঁলোকক কোনেও উগ্ৰপন্থীৰ দৃষ্টিৰে চোৱা উচিত নহয়।

আনহাতে সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি অহা এইসকল সংগ্ৰামী লোকেও এতিয়াৰে পৰা কোনো লোকক ভয়-ভাবুকি দিয়াৰ পৰা বিৰত থাকিবলৈ বড়োৱে আহ্বান জনায়। ইফালে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন মাধ্যমযোগে কৰি অহা মন্তব্য সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে এনডিএফবিক কোনেও হাইজেক কৰিব নোৱাৰে।

এই সংগঠনটোৱে ৩৪ বছৰ সংগ্ৰাম কৰি আহিছে। সুদীৰ্ঘ বছৰ সংগ্ৰাম কৰি অহাৰ পাছত সংগঠনটোৱে আজি এনে স্থিতি গ্ৰহণ কৰাটো ভাৰতৰ ইতিহাসত এক বিৰল উদাহৰণ। আনহাতে এনডিএফবি(প্ৰ)ৰ যুদ্ধ বিৰতিৰ পাছত সংগঠনটোৰ সৈতে এবছুৱে যৌথভাৱে আন্দোলন কৰি আহিছে। যদিও পূৰ্ৱে দুয়োটা সংগঠনৰ পথ অন্য আছিল তথাপিও সশস্ত্ৰ সংগঠনটোৱে অস্ত্ৰ পৰিহাৰ কৰি যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত বিটিএডি অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এবছু-এনডিএফবি(প্ৰ)ই একেলগে কাম কৰি অহাৰ কথা তেখেতে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

সদ্য ঘোষিত বিটিআৰ অঞ্চলত এতিয়া শান্তিৰ বতাহ বলিছে। এইক্ষেত্ৰত হাগ্ৰামাই শান্তিহে পাব লাগে, তেওঁ ইয়াক লৈ ৰাজনীতি কৰাৰ কোনো স্থান নাই। ইফালে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে নিজ গৃহভূমিত উপস্থিত হৈ ৰাইজৰ আদৰণি গ্ৰহণ কৰি এনডিএফবি(প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰীয়ে সাংবাদিকৰ আগত উল্লেখ কৰি কয় যে ২৭ জানুৱাৰীত চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্ৱে এনডিএফবিৰ একাংশ কেডাৰে নিজৰ মাতৃ-পত্নী তথা পৰিয়ালক এৰি অৰণ্যত সংগ্ৰাম কৰি থাকিবলগীয়া হৈছিল।

কিন্তু শান্তি চুক্তি স্বাক্ষৰৰ পাছত সেইসকল কেডাৰ অৰণ্যৰ পৰা নিজৰ ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাটোৱেই অঞ্চলটোৰ বাবে এক শান্তিৰ বতৰা। চুক্তিখন স্বাক্ষৰ হোৱাৰ পাছত এতিয়া আমাৰ লক্ষ্য হব বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা মৰ্মে চুক্তিখনৰ দফাসমূহ কাৰ্যকৰীকৰণ, মুল সূতিলৈ উভতি অহা সশস্ত্ৰ সংগঠনৰ সদস্যসকলৰ সংস্থাপন, বড়ো আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰায় দুই সহস্ৰাধিক লোকৰ উপযুক্ত ক্ষতিপুৰণ আৰু সংগঠনটোৰ যিসকল কৰ্মী কাৰাগাৰত আছে তেওঁলোকক কাৰামুক্ত কৰাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰা হব।

ইয়াৰ পৰৱৰ্তীসময়ত ৰাজনীতিৰ পথাৰত কেনেদৰে অংশগ্ৰহণ কৰিব পৰা যায় সেয়া সকলোৰে লগত আলোচনা কৰি সিদ্ধান্তত উপনীত হব লাগিব। ইফালে বিটিআৰৰ যোগেদি বড়ো লোকসকলৰ সমান্তৰালভাৱে আন জনগোষ্ঠীসকলো সমানে লাভাম্বিত হৈছে বুলি বসুমতাৰীয়ে উল্লেখ কৰি কয় যে চুক্তিখনৰ জৰিয়তে বিটিআৰত বড়ো মাধ্যমৰ সঞ্চালকালয় স্থাপন তথা বড়ো ভাষাক অসমৰ সহযোগী ভাষাৰ মৰ্যাদা প্ৰদান এই দুইটা বিষয়ৰ বাহিৰে আন সকলোবোৰ বিষয়বস্তুৰ দ্বাৰা বিটিআৰ অঞ্চলত অৱস্থিত বড়ো তথা আন আন জাতি-জনগোষ্ঠীৰ লোকসকল উপকৃত হব।

ইফালে আগন্তুক দিনত আন কোনো সংগ্ৰাম চলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত বসুমতাৰীয়ে কয় যে সময় পাৰ হোৱাৰ লগে লগে নতুন নতুন সমস্যাৰ উদ্ভৱ হৈ থাকে। আগন্তুক দিনত সৃষ্টি হব পৰা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক আন্দোলন চলিব যদিও চুক্তি স্বাক্ষৰিত হোৱাৰ দিনৰ পৰাই সশস্ত্ৰ সংগ্ৰাম বন্ধ হোৱা বুলি তেখেতে সদৰী কৰে।

আগন্তুক বিটিএডিত হবলগীয়া নিৰ্বাচনৰ সম্ভাৱনীয়তা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয় যে নিৰ্বাচনসমূহ দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা অনুষ্ঠিত হয়। যিহেতে আয়োগে কাৰো দাবী অনুসৰি নিৰ্বাচন অনুষ্ঠিত নকৰি স্বতন্ত্ৰ ইচ্ছাৰে নিৰ্বাচন অনুষ্ঠিত কৰে সেয়েহে চৰকাৰে কোনো বিশেষ দাবী বা অনুৰোধ নজনালে আগন্তুক এপ্ৰিল মাহতে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্বাৱনা প্ৰকাশ কৰে নেতাগৰাকীয়ে।

আনহাতে বড়ো শান্তি চুক্তি স্বাক্ষৰৰ পাছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰি অহা মন্তব্য সন্দৰ্ভত গোবিন্দ বসুমতাৰীয়ে কয় যে চুক্তিখন স্বাক্ষৰ নহবলৈ হাগ্ৰামাই আপ্ৰাণ চেষ্টা কৰিছিল যদিও অৱশেষত ব্যৰ্থ হৈ স্বাক্ষৰিত হোৱাৰ পাছত তেখেতৰ চকুত টোপনি নাইকীয়া হোৱা বুলি কতাক্ষ কৰে। আজিৰ এই আদৰণি অনুষ্ঠানত পিজেএচিবিএমৰ আহ্বায়ক ৰাকেশ বড়ো, এবছুৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বীপেন বড়ো, এনডিএফবিৰ বিত্ত সম্পাদক এম গেৰেমাৰ লগতে এবছু, এনডিএফবিসহ কেইবাটাও দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in