পহিলা ব’হাগত উদুলি মুদুলি ওদালগুৰিৰ নামঘৰ, চাওক VIDEO

পহিলা ব’হাগত উদুলি মুদুলি ওদালগুৰিৰ নামঘৰ, চাওক VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। অৰ্থাৎ আজি পহিলা ব'হাগ। ৰাজ্যত এতিয়া আৰম্ভ হৈছে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু। ইয়াৰ মাজতে দেওবাৰে পহিলা ব'হাগ উপলক্ষে ওদালগুৰিৰ বিভিন্ন নামঘৰ-মন্দিৰসমূহত দেখা গ'ল ভক্তৰ লানি নিছিগা সোঁত।

ৰাজ্যবাসী তথা নিজৰ আপোনজনৰ মংগল তথা ৰাজ্যত শান্তি কামনাৰে নামঘৰত সেৱা জনাবলৈ ওলাই আহিল অসমীয়া। ওদালগুৰিৰ শংকৰদেৱ সত্ৰত পুৱাৰ পৰাই দেখা গ'ল আই-মাতৃ-ভকত-বৈষ্ণৱৰ দীঘলীয়া শাৰী।

কন কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী তথা আই-মাতৃ, বাপ-বান্ধৱসকল ওলাই আহি পহিলা ব'হাগ উপলক্ষে সকলোৰে মংগল কামনাৰে নেদেখাজনৰ ওচৰত বিচাৰিলে আশীষ।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ জৰিয়তে উপস্থিত ভক্তগনে সমূহ ৰাজ্যৱাসীক জনালে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in