ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক….

ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি,  মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক….

ডিজিটেল সংবাদ, ওদালগুৰিঃ এক শিহৰণ কাৰী ঘটনাই জোকাৰি গ'ল ওদালগুৰিৰ ভৈৰৱকুণ্ড। বিশেষভাৱে সক্ষম স্বামীৰ সৈতে সংসাৰিক অসন্তুষ্টিৰ বাবে এগৰাকী ১৬ বছৰীয়া যুৱকৰ সৈতে অবৈধ প্ৰেম কৰি অৱশেষত নিজৰ ২১ মহীয়া কন্যা সন্তানক ডিঙি চেপি হত্যা কৰিলে এগৰাকী মমতাহীন মাতৃয়ে।

জানিব পৰা মতে ওদালগুৰি জিলাৰ ওদালগুৰি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জংগলবড়িগাওঁৰ চাইকেল ব্যৱসায়ী বিশেষভাৱে সক্ষম বিৰেণ হাচদাৰ সৈতে চপনগাওঁৰ কাৰ্মিলা চৰেণ নামৰ মহিলাগৰাকী তিনিবছৰ পূৰ্ৱে বিবাহপাশত আবদ্ধ হৈছেল। বিগত ২১ মাহ পূৰ্ৱে দম্পত্তিহালৰ এটি কন্যা সন্তান জন্ম হৈছিল। কন্যা সন্তানটিৰ নাম আছিল লক্ষী হাচদা।

কিন্তু স্বামী বিশেষভাৱে সক্ষম হোৱা হেতুকে মহিলাগৰাকীৰ কিছুদিন পূৰ্ৱে ওচৰৰ গাঁৱৰে ১৬ বছৰীয়া এজন যুৱকৰ সৈতে প্ৰেম হয়। এই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামী অৱগত নাছিল। স্বামী বিৰেণ হাচদাই সাংবাদিকক জানিবলৈ দিয়া মতে বিগত মঙ্গলবাৰে মহিলাগৰাকীয়ে কন্যাসন্তানটিৰ সৈতে ভৈৰৱকুণ্ড তিনিআলিস্থিত নিজৰ পেহীয়েকৰ ঘৰলৈ যায়।

বহুদিন ধৰি স্বামীৰ গৃহলৈ মহিলাগৰাকী ঘুৰি নহাত আজি স্বামী বিৰেণ হাচদাই মহিলাগৰাকীক পেহীয়েকৰ ঘৰৰ পৰা আনিবলৈ যোৱা কথা আছিল যদিও গাওঁৰ ৰাইজে আহি বিৰেণক ঘটনাটোৰ বিষয়ে অৱগত কৰে। পিছত পেহীয়েকৰ পৰিয়ালৰ লোকসকলৰ পৰা জানিব পৰা অনুসৰি দেওঁবাৰে দিনত সকলো লোক গীৰ্জলৈ যোৱা অৱস্থাত ঘৰত কোনো নথকাৰ সুযোগ লৈ মাতৃত্বৰ কলংক মাতৃগৰাকীয়ে নিজৰে ব্লাউজেৰে কনমাণি কন্যা শিশুটিক ডিঙি চেপি হত্যা কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে। ইফালে অভিযুক্ত মহিলাগৰাকীয়ে সাংবাদিকৰ আগত এফালৰ পৰা হত্যাকাণ্ডটোৰ শিহৰণকাৰী বৰ্ণনা আগবঢ়াই হত্যাকাণ্ডটো স্বীকাৰ কৰে। লগতে তেওঁ গাঁৱৰে ১৬ বছৰীয়া যুৱকজনৰ সৈতে প্ৰেমৰ সম্বন্ধ থকা বুলি উল্লেখ কৰি যুৱকজনে প্ৰেম তথা বিবাহৰ প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে।

অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰি থানালৈ আনে যদিও যুৱকজনে এই কথা অস্বীকাৰ কৰি কয় যে হত্যাকাৰী মহিলাগৰাকীয়ে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও এই প্ৰস্তাৱ তেওঁ প্ৰত্যাখ্যান কৰিছিল। ইফালে হত্যাকাৰী মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে অভিযোগ কৰি কয় যে দুয়োগৰাকীৰ মাজত থকা অৱৈধ প্ৰেমৰ বাবে শিশুটি বাধা হোৱা বাবে মাতৃগৰাকীয়ে নিজৰেই কনমানি কন্যা সন্তানটিক নিৰ্দয়ভাৱে ডিঙি চেপি হত্যা কৰিলে।

শিশুটিৰ মৃতদেহ ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰিক্ষা সম্পন্ন কৰি পৰিয়ালক গটাই দিয়া হয়। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১৭৭/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি ধৃত মহিলাগৰাকীক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণৰ লগতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ পাছতে ভৈৰৱকুণ্ডৰ লগতে সমগ্ৰ ওদালগুৰিতে চাঞ্চল্য‌ই বিৰাজ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in