ওদালগুৰি অসামৰিক চিকিৎসালয় আকস্মিক পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

ওদালগুৰি অসামৰিক চিকিৎসালয় আকস্মিক পৰিদৰ্শন মন্ত্ৰী ৰিহন দৈমাৰীৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশৰ লগতে হঠাৎ ৰাজ্যত বৃদ্ধি পোৱা কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে দিনৰ ১১ বজাত আকস্মিকভাৱে ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰিহন দৈমাৰীয়ে। অসম চৰকাৰে অন্যান্ন মন্ত্ৰীসকলৰ লগতে মন্ত্ৰী ৰিহন দৈমাৰীক ওদালগুৰি আৰু বাক্সা জিলাৰ কোৰোনা সন্দৰ্ভত পৰিৱেশ পৰ্যালোচনা কৰি সময়ে সময়ে ইয়াৰ প্ৰতিবেদন ৰাজ্য চৰকাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল। মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চাফ-চিকুনতাৰ লগতে আইছ'লেশ্যন কক্ষ পৰিদৰ্শন কৰি ভাইৰাছবিধৰ সৈতে মোকাবিলা কৰিবলৈ কেনে ধৰণৰ সাজু হৈছে সেয়া পৰ্যবেক্ষণ কৰে‌।

লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত দেখা পোৱা বিভিন্ন ক্ষেত্ৰত সুৰঙা থকাৰ কথা উল্লেখ কৰি তাৎক্ষণিকভাৱে এইবোৰ নোহোৱা কৰিবলৈ কৰ্তৃপক্ষ‌ক নিৰ্দেশ দিয়ে। ইয়াৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী ৰিহণ দৈমাৰীয়ে কয় যে, "কোৰোনা সন্দৰ্ভত হব পৰা সাম্ভাৱ্য পৰিস্থিতিত সৈতে মোকাৱিলা কৰিবলৈ ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। প্ৰথমাৱস্থাত আমাৰ ভয় আছিল বিভিন্ন বহিঃৰাজ্যৰ পৰা ওদালগুৰিলৈ অহা ২,৬৯৩ গৰাকী শ্ৰমিক তথা শিক্ষাৰ্থীৰ ওপৰত। কিন্তু তেওঁলোকক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰি নিজ গৃহতে কোৱাৰেন্টাইন কৰি ৰখা হৈছে। কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ তেনে লক্ষণ অথবা খবৰ লাভ কৰা নাই।

ইফালে বিগত কিছুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ পৰা অহা কেইগৰাকীমান লোকক পৰীক্ষা কৰা হৈছিল যদিও তেওঁলোকৰ নমুনাত কোনো ধৰণৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণ লাভ কৰা হোৱা নাই। বৰ্তমানলৈ ওদালগুৰি জিলাখনত তিনিটাকৈ কোৱাৰেন্টাইন কক্ষ স্থাপন কৰা হৈছে। ইয়াৰে ভিতৰত ভেৰগাওঁ মহকুমাত ৫০ খন বিচনাযুক্ত, ওদালগুৰিত ৫০খন বিচনাযুক্ত আৰু মাজবাটত ৫০খন বিচনাযুক্ত কোৱাৰেন্টাইন কক্ষ সাজু কৰি ৰখা হৈছে। লগতে অসামৰিক চিকিৎসালয় ৩০খন বিচনাযুক্ত আইছ'লেশ্যন কক্ষৰ লগতে মডেল হস্পিতাল, চাহ বাগিচাৰ চিকিৎসালয়সমূহতো ইতিমধ্যে কিছু পৰিমাণে হ'লেও আইছ'লেশ্যন কক্ষ স্থাপন কৰা হৈছে।

জিলাখনত বৰ্তমান পৰ্যন্ত সৰ্বমুঠ ২৩৪ খন বিচনাযুক্ত আইছ'লেশ্যন কক্ষৰ লগতে ২৯০ খন বিচনাযুক্ত ২০ টা কোৱাৰেনটাইন কক্ষ সাজু কৰি ৰখা হৈছে। আনহাতে ওদালগুৰি অসামৰিক চিকিৎসালয় চৌহদত আইচিইউ স্থাপনৰ বাবে কক্ষ আছুটীয়াকৈ ৰখা হৈছে। যদিহে চৰকাৰখনে ইয়াত আইচিইউৰ ব্যৱস্থা কৰিব বিচাৰে তেন্তে ওদালগুৰি প্ৰশাসন সাজু হৈ আছে। সেয়েহে ৰাইজে কোনো ভয় শংকা নকৰাকৈ লকডাউন মানি চলি নিজ নিজ গৃহৰ ভিতৰতে আৱদ্ধ থাকক। জনস্বাস্থ্য কাৰীকৰী বিভাগে সমগ্ৰ ৰাজ্যতে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চহৰে-গাঁৱে ছেনিটাইজ কৰাৰ প্ৰক্ৰিয়া চলাই আছে আৰু শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব।"

শুকুৰবাৰে মন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, বিটিচি সচিব ভাস্কৰজ্যোতি মান্তা, যুটীয়া স্বাস্থ্য সঞ্চালক তৈয়বুৰ ৰহমান, ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক সুদীপ ৰঞ্জন দেয়ে। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত একাংশ চিকিৎসাৰ সৈতে জৰিত চিকিৎসালয়খনৰ কৰ্মীয়ে পৰ্যাপ্ত সুৰক্ষাৰ সামগ্ৰীৰ নোপোৱাৰ লগতে কেইৱাটাও অভিযোগ উত্থাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in