অভিভাৱকৰ দ্বায়িত্বহীনতাৰ বাবে যিকোনো মূহুৰ্ততে হ’ব পাৰে ভয়ংকৰ পথ দূৰ্ঘটনা

অভিভাৱকৰ দ্বায়িত্বহীনতাৰ বাবে যিকোনো মূহুৰ্ততে হ’ব পাৰে ভয়ংকৰ পথ দূৰ্ঘটনা

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যত এতিয়া অব্যাহত আছে নিৰ্বাচনৰ সমান্তৰালভাৱে ৰঙালী বিহুৰ ব্যাপক উৎসাহ। গৰু বিহুৰ গধুলিৰ পৰাই হুচৰী তথা বিহু গীত, বিহু নচাৰ পৰম্পৰা এতিয়াও অক্ষুন্ন আছে ৰাজ্যত। বিশেষকৈ গাওঁ অঞ্চলত কন-কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলে গৃহস্থৰ ঘৰে ঘৰে গৈ বিহু গাই গৃহস্থক আশীৰ্বাদ দিয়াৰ পৰম্পৰা এতিয়াও সুলভ। বিহুদলৰ সদস্যসকলে এনেদৰে বিহু গাই লাভ কৰা ধনেৰে আনন্দ কৰি ভোজ-ভাত খোৱাৰ আনন্দ‌ই সুকীয়া। ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্ততো দেখা গৈছে এই ঐতিহাসিক পৰম্পৰা। কিন্তু বিহুৰ সময়ছোৱাৰ পৰাই নিৰ্বাচনী বাহনৰ ব্যস্ততাৰ মাজতে ওদালগুৰি জিলাৰ নলখামৰাস্থিত ব্যস্ত ঘাইপথত দেখা গৈছে এক ভয়ংকৰ দৃশ্য।

বিহু নাচ প্ৰদৰ্শনৰ বাবে এজাক কন কন শিশুৱে পথ আগচি ধৰি তীব্ৰবেগী বাহন ৰখাবলৈ চেষ্টা কৰা দৃশ্য‌ই বিভিন্নজনৰ গাৰ নোম শিহৰাই তুলিলে। কেৱল এটা স্থানতেই নহয়, অঞ্চলটোৰ প্ৰায় তিনিটাকৈ স্থানত তিনিটাকৈ কনমাণি বিহুৰ দলে এনে কাৰ্যত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ১৮ এপ্ৰিলত হ'ব লগা নিৰ্বাচনৰ বাবে ওদালগুৰি জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা সৰু-বৰ বাহনসমূহ ওদালগুৰিৰ বিভিন্ন স্থানৰ পৰা উক্ত পথেৰে তীব্ৰ বেগেৰে চলাচল কৰি থকা দেখিবলৈ পোৱা গৈছে। ফলত পথ আগচি ধৰি এই বাহনসমূহো ৰখোৱাৰ চেষ্টা কৰাৰ সময়ত সংঘটিত হব পাৰে ভয়ংকৰ পথ দূৰ্ঘটনা।

প্ৰাণহানিৰ আশংকা কৰা হৈছে উপস্থিত কন কন শিশুসকলৰ। পথাচাৰীসকলে কয় যে, কেইটিমান টকাৰ তুলনাত কনমাণি কেইগৰাকীৰ জীৱনৰ মূল্য তুলনাই কৰিব নোৱাৰি। ইয়াৰ মাজতে কেইটিমান টকাৰ বাবে নিজৰ সন্তানক এনেদৰে ৰাজপথত গাড়ী ৰাখিবলৈ দিয়াৰ কাৰ্য‌ৰ বাবে পথাচাৰী সকলে অভিভাৱকসকলক ধিক্কাৰ দিছে। গাওঁখনৰ সচেতন লোকসকলে একলগ হৈ এনে কাৰ্য বন্ধ নকৰিলে যিকোনো সময়তে ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এইক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাকো সমালোচনা কৰিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in