ওদালগুৰিত কোচ ৰাজবংশীক পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ দাবীত বিশাল গণসমাৱেশ

ওদালগুৰিত কোচ ৰাজবংশীক পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ দাবীত বিশাল গণসমাৱেশ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনী, ওদালগুৰি জিলা আক্ৰাছু আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ উদ্যোগত সোমবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত এক বিশাল গণ সমাৱেশ আয়োজন কৰা হয়। জনগোষ্ঠীটোৰ প্ৰায় ৩ সহস্ৰাধিক লোকে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ "কেন্দ্ৰীয় চৰকাৰ হায় হায়, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক, আমাক জনজাতিকৰণ প্ৰদান কৰক, আমাক লাগে পৃথক কমতাপুৰ, ন' কমতাপুৰ ন' ৰেষ্ট, জনজাতিকৰণ অৱিহনে ক্ষান্ত নহ‌ওঁ" ইত্যাদি শ্লোগান প্ৰদান কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে কেন্দ্ৰীয়, ৰাজ্য, বিটিচি চৰকাৰখনৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰা সংগঠনসমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰে। কাৰ্যসূচীটোত মুখ্য বক্তা হিচাপে প্ৰদান কৰা ভাষণত বৰ্মণে কয় যে- এই ছয় জনগোষ্ঠীয়ে কাৰো পৈত্ৰিক সম্পত্তি বিচাৰি আন্দোলন কৰি অহা নাই। এটি পুৰণি জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এখন সুকীয়া কমতাপুৰ ৰাজ্য তথা জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বাবে আন্দোলন কৰি আহিছে। ইয়াক ৰোধ কৰাৰ অধিকাৰ কাৰো নাই। মাজত আৰু এটা দিনৰ সময় আছে। আগন্তুক ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত পূৰ্ণ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে অসম জ্বলোৱাৰ হুংকাৰ প্ৰদান কৰে।

জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে চৰকাৰৰ বাঘজৰী হাতত লৈছিল যদিও আজি পাঁচ বছৰে বিষয়টো আওকাণ কৰি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত পুনৰ বিষয়টো উত্থাপন কৰিছে। আগন্তুক ১৩ ফেব্ৰুৱাৰীক ডেডলাইন বান্ধি দি উক্ত দিনটোৰ ভিতৰত পূৰ্ণ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে ৰাজ্যত ভূমিকম্পৰ সৃষ্টি হব বুলি সকীয়নি প্ৰদান কৰি আগন্তুক লোকসভা নিৰ্বাচনত মঙ্গলদৈ লোকসভা সমষ্টিত জনগোষ্ঠীটোৱে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

সোমবাৰৰ এই প্ৰতিবাদী গণ সমাৱেশত উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শ‌ইকীয়া, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহ: সাধাৰণ সম্পাদক কেশৱ ৰায়, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ কুমাৰ দেৱ, আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মণৰ লগতে সংগঠনকেইটাৰ জিলাসমিতিৰ বহু বিষয়বৱীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in