শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন…

166

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা কাৰাগাৰ চৌহদৰ কোৱাৰাইন্টাইন কেন্দ্ৰৰ পৰা যোৱা নিশা পলায়ন কৰে ৪ কয়দী। নিশা বতাহ-বৰষুনৰ সুযোগ লৈ কেন্দ্ৰটোৰ ভেন্টিলেচন ভাঙি পলায়ন কৰে চাৰি অপৰাধীয়ে।

উল্লেখযোগ্য যে কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নতুনকৈ জেইলখনলৈ প্ৰেৰন কৰা কয়দী সকলক জেইলৰ চৌহদত নিৰ্মান কৰা কোৱাৰেইন্টাইন কেন্দ্ৰৰ ভিতৰত ৰাখিছিল। কিন্তু ভেন্টিলেচন ভাঙি নিশা বৰষুন আহি থকাৰ সময়তে পলায়ন কৰে কয়দী কেইজনে।

পলায়ন কৰা কয়দী কেইজন হল – কামৰূপ জিলাৰ শ্যামপুৰৰ মফিদুল ইছলাম(২১) আৰু সোনাপুৰৰ কুদ্দুচ আলী(২০),দুয়োজনে অবৈধ ভাৱে গৰু সৰাবৰাহৰ অপৰাধত আৰক্ষীৰ হাতত ধৰা পৰিছিল। আন দুজন ওদালগুৰি জিলাৰে ২ নং ওদালগুৰি জংঘল গাওৰ কাজিমুদ্দিন(২১) আৰু হাৰিজুদ্দিন(২৪) , সম্বন্ধত দুয়ো ভাতৃ চুৰি সংক্ৰান্তীয় গোচৰত আৰক্ষীয়ে আটক কৰিছিল।

গুৰুত্বপূৰ্ণ যে ইয়াৰে হাৰিজুদ্দিন পুৰ্বেও শিলবড়ী আৰক্ষী থানাৰ আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাৰ নজিৰ আছে। ঘটনাৰ পিছত হাহাকাৰ লাগিছে কাৰাগাৰ কৰ্তৃপক্ষ তথা আৰক্ষীৰ মাজত। ঘটনাৰ খৱৰ পোৱাৰ পিছতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সহ উচ্চপদস্থ বিষয়া সকলে ঘটনাস্হলী পৰিদৰ্শন কৰি বুজ লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি