ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত অসম গৌৰৱ এশিঙীয়া গড়ঁ, নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত সম্পূৰ্ণ হ’ব আটকধুনীয়া তোৰণৰ নিৰ্মাণ কাৰ্য

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত অসম গৌৰৱ এশিঙীয়া গড়ঁ, নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত সম্পূৰ্ণ হ’ব আটকধুনীয়া তোৰণৰ নিৰ্মাণ কাৰ্য

ডিজিটেল সংবাদ, ওদালগুৰিঃ এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ জনসাধাৰণৰ সন্মুখত অসমৰ ঐতিহ্যৰ চানেকী পৰিচয় কৰাব অসম গৌৰৱ এশিঙীয়া গড়েঁ। কেৱল গড়েঁই নহয়, অসমীয়া গামোচা, জাপিৰ লগতে বড়ো জনগোষ্ঠীৰ আৰণাইৰ লগতে বিভিন্ন প্ৰতীক প্ৰতিফলিত কৰা হৈছে ভূটানবাসীৰ সন্মুখত। এই প্ৰতিচ্ছবিসমূহ দেখা যাব অসমৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত ভাৰতে নতুনকৈ নিৰ্মাণ কৰি থকা এখন সু-উচ্চ তোৰণত।

চলিত একবিংশ শতিকাৰ প্ৰথম দশকত অসমৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰু ভূটানৰ চামদ্ৰুপ জংখাৰ জিলাৰ জোমোৎচাংখা চহৰৰ মাজৰ সংযোগী পথত ভূটান ৰাষ্ট্ৰৰ ভূমিত ভূটানে স্থাপন কৰিছিল ভাৰত-ভূটান সীমান্তৱৰ্তী এখন তোৰণ। উচ্চ এই তোৰণখনৰ জৰিয়তে ভূটানে ভাৰতবাসীৰ লগতে অন্য পৰ্যটকক আকৰ্ষণ কৰিছিল।

ইয়াৰ বিপৰীতে অসমৰ ওদালগুৰি জিলাৰ উক্ত অঞ্চলেৰে ভূটানত প্ৰৱেশ কৰা পথত ভাৰতৰ ভূমিত নাছিল কোনো তেনেধৰণৰ তোৰণ। কিন্তু শীঘ্ৰেই ভাৰত-ভূটান সীমান্তৰ উক্ত অঞ্চলত ভাৰতৰ ভূমিত সীমান্ত উন্নয়ণ পূজিৰে নিৰ্মীয়মাণ অৱস্থাত থকা তোৰণ এখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ পৰিব। কেৱল তোৰণখনক লৈ গৌৰৱ কৰাই নহয়, উক্ত তোৰণখনে অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন সামগ্ৰী তথা জন্তুৰ চিহ্নক পৰৰাষ্ট্ৰ ভূটানৰ সন্মুখত চিনাকী কৰাই দিব। কিয়নো এই তোৰণত অংকিত আছে অসম গৌৰৱ এশিঙীয়া গড়ঁৰ লগতে অসমীয়া গামোচাৰ চানেকী-জাপি তথা বড়ো জনগোষ্ঠীৰ আৰণাইৰ লগতে আন বিভিন্ন প্ৰতীক।

সমাগত নৱবৰ্ষ তথা বনভোজ উপলক্ষে লক্ষ লক্ষ বনভোজপ্ৰেমীয়ে ভিৰ কৰে অসমৰ ভিতৰতে অন্যতম বনভোজস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত। অসম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেনীসংগমত অৱস্থিত ভৈৰৱকুণ্ড বনভোজস্থলীত ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই ভিৰ কৰিব বনভোজপ্ৰেমীয়ে। এই বনভোজকাৰী দলসমূহে ভৈৰৱকুণ্ড বনভোজস্থলীত উপস্থিত হৈ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগৰ লগতে অনায়সে চুৱুৰীয়া ৰাষ্ট্ৰ ভূটানত প্ৰৱেশ কৰি ইয়াৰ জনসাধাৰণে জীৱন প্ৰণালী উপভোগ কৰিবলৈ সক্ষম হয়।

এনেদৰে ভৈৰৱকুণ্ড বনভোজস্থলীৰ পৰা ভূটান ৰাষ্ট্ৰত প্ৰৱেশৰ বাবে যোৱা পথতে ভাৰতৰ মাটিত নিৰ্মাণ কৰি থকা হৈছে এই আটকধুনীয়া তোৰণখন। আগন্তুক বনভোজৰ বতৰৰ পূৰ্বে উক্ত তোৰণখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে। নিৰ্মীয়মান অৱস্থাতে বৰ্তমান বহু লোকে আহি নতুনকৈ নিৰ্মাণ হৈ থকা তোৰণখন চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। তোৰণখনক লৈ এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে নিজকে অসমৱাসী হিচাপে গৌৰৱবোধ কৰিছে।

তোৰণখন প্ৰত্যক্ষ কৰি একাংশ বনভোজকাৰী দলে সাংবাদিকৰ আগত উল্লেখ কৰি কয় যে, পূৰ্বেও বহুবাৰ ভৈৰৱকুণ্ড বনভোজস্থলীলৈ আহি ভূটানলৈ গৈছিলো যদিও ভাৰতৰ ভূমিত কোনো ধৰণৰ তোৰণ প্ৰত্যক্ষ কৰা নাছিলো। কিন্তু এইবাৰ নিৰ্মিয়মাণ তোৰণখনক লৈ প্ৰতিগৰাকী অসমবাসীয়ে গৌৰৱ কৰা উচিত। কিয়নো অসমৰ এশিঙীয়া গড়কে ধৰি জাপি, গামোচাই ভূটানবাসীৰ সন্মুখত দেশখনক প্ৰতিনিধিত্ব কৰিছে। ভাৰতৰ জনসাধাৰণৰ লগতে অসমৱাসীয়ে অতিথিক আদৰিবলৈ কোনো ধৰণৰ কৃপনালী নকৰে।

প্ৰকৃতিৰ অপূৰ্ব ৰাণী ভৈৰৱকুণ্ড বনভোজস্থলীক ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে যেনেদৰে গুৰুত্ব দিব লাগিছিল তেনেধৰণে গুৰুত্ব প্ৰদান কৰা নাই। এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰি বনভোজস্থলীক ন-ৰূপ দিবলৈ উপস্থিত বনভোজপ্ৰেমীসকলে আহ্বান জনায়। সি যি কি নহওঁক, এইবেলি ভৈৰৱকুণ্ড বনভোজস্থলীলৈ বনভোজৰ বাবে অহা প্ৰতিগৰাকী লোকে এক নতুনত্ব দেখিবলৈ সক্ষম হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in