অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ১১ জনকৈ লোকক লৈ ওদালগুৰিৰ ইকৰাবাৰীত আতংক, ৰাইজে বিদ্যালয়ত কোৱাৰেণ্টাইন কক্ষ স্থাপন কৰি যোগান ধৰিলে খাদ্য

অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ১১ জনকৈ লোকক লৈ ওদালগুৰিৰ ইকৰাবাৰীত আতংক, ৰাইজে বিদ্যালয়ত কোৱাৰেণ্টাইন কক্ষ স্থাপন কৰি যোগান ধৰিলে খাদ্য

ডিজিটেল সংবাদ, ওদালগুৰিঃ বহিঃৰাজ্যৰ পৰা অহা ১১ জনকৈ লোকক লৈ দেওবাৰে পুৱা এক আতংকই বিৰাজ কৰে ওদালগুৰিৰ ইকৰাবাৰী গাঁৱত। ইকৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ইকৰাবাৰী গাওঁখনৰ এটা ১১ জনীয়া যুৱকৰ দলে দীৰ্ঘদিন ধৰি অন্ধ্ৰপ্ৰদেশত কৰ্মৰত হৈ আছিল। কিন্তু মহামাৰী কোৰোনাৰ বাবে দেশত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কামসমূহ বন্ধ হৈ যোৱাত তেওঁলোকে বিগত ১০ মে' তাৰিখে প্ৰথমে ট্ৰাকেৰে আৰু পৰৱৰ্তী সময়ত বাছেৰে ওদালগুৰি জিলাৰ ১৭ জনীয়া এটা দল অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ ৰাওনা হয়।

ফলত যোৱা ১৫ মে'ত তেওঁলোকে বাছেৰে তেজপুৰত উপস্থিত হয়। ইয়াৰে ভিতৰত ১১ গৰাকী যুৱকৰ ঘৰ ওদালগুৰিৰ ইক্ৰাবাৰীত হোৱাৰ বিপৰীতে আন ছয়জন যুৱকৰ ঘৰ ফাকিদিয়া অঞ্চলত বুলি জানিব পৰা গৈছে। পাছত তেজপুৰত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত দুদিন তেজপুৰতে ৰাখি দেওবাৰে পুৱা তেওঁলোকক নিজ নিজ গাওঁলৈ হোম কোৱাৰেণ্টাইনৰ বাবে দলটোক প্ৰেৰণ কৰে। কিন্তু ইকৰাবাৰীৰ যুৱকৰ দলটোক ঝাৰগাওঁ অঞ্চলত এৰি দিয়াত তেওঁলোকে অটোযোগে নিজ গাঁৱলৈ আহে। ইয়াৰ পাছতে যুৱকৰ দলটোক দেখি গাওঁখনত সৃষ্টি হয় তীব্ৰ আতংক।

গাঁৱৰ ৰাইজৰ ভাষ্য অনুসৰি অশিক্ষিত গঞাঁ ৰাইজে হ'ম কোৱাৰেণ্টাইন অথবা আন কোৱাৰেণ্টাইনৰ বিষয়ে ভালকৈ একো নাজানে। যুৱকৰ দলটোক হ'ম কোৱাৰেণ্টাইনত ৰখাৰ ফলত যদিহে তেওঁলোকৰ দেহত ভাইৰাছৰ লক্ষণে দেখা দিয়ে, তেতিয়া সমগ্ৰ গাওঁখনতে এই ভাইৰাছ বিয়পি পৰিব। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে আক্ৰাছু নেতা সমীৰণ সিংহয়ো বিষয়টো সন্দৰ্ভত প্ৰশাসনক খবৰ দিয়ে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি গাওঁখনৰ ৰাইজে জানিবলৈ দিয়ে।

উপায়ন্তৰ হৈ গাওখনৰ ৰাইজে যুৱকৰ দলটোক ২ নম্বৰ ইকৰাবাৰী প্ৰাথমিক বিদ্যালয়ত অস্থায়ী কোৱাৰেণ্টাইন কক্ষ স্থাপন কৰি ৰখাৰ ব্যৱস্থা কৰে যদিও বিষয়টো সন্দৰ্ভত প্ৰশাসনক দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। গাওঁখনৰ বিদ্যালয়খনত স্থাপন কৰা এই অস্থায়ী কোৱাৰেণ্টাইন কক্ষত থকা যুৱকসকলক পৰিয়াল তথা গাঁৱৰ ৰাইজে খাদ্য যোগান ধৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in