ওদালগুৰিত বাটৰ হোলী প্ৰতিযোগিতা, VIDEO…

ওদালগুৰিত বাটৰ হোলী প্ৰতিযোগিতা, VIDEO…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱটি। কালি আবেলি গন্ধোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত আজিৰ দিনটো ভৰদৌল হিচাপে পালন কৰা হয়। সেই অনুসৰি পুৱাৰে পৰা পৰা আৰম্ভ হয় ভৰদৌল। পুৱাই ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাম প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ লগতে সত্ৰৰ চোতালত অনুষ্ঠিত হয় খেল-ধেমালি প্ৰতিযোগিতা।

আজিৰ দ্বিতীয় দিনটোৰ আকৰ্ষণীয় কাৰ্যসূচী আছিল বাটৰ হোলী প্ৰতিযোগিতা। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৌলোৎসৱ উদযাপন সমিতিৰ সহযোগত বিয়লি ৪:৩০ বজাত অনুষ্ঠিত হোৱা এই বাটৰ হোলী প্ৰতিযোগিতাখনি উদ্বোধন কৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে। উদ্বোধনী ভাষণত তেওঁ এনেবোৰ উৎসৱৰ দ্বাৰা আমাৰ জাতিৰ ঐক্য সম্প্ৰীতি জীয়াই থাকিব বুলি উল্লেখ কৰে।

ওদালগুৰিৰ স্থানীয় দলসমূহৰ লগতে সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ ১৫ টাকৈ হোলীৰ দলসমূহে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ নগদ ৩০০০ টকাৰ লগতে দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ২০০০ টকা নিৰ্ধাৰণ কৰা হৈছে। স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণৰ পৰা আৰম্ভ হোৱা এই বাতৰ হোলী প্ৰতিযোগিতা চহৰখনৰ মাজেৰে পাৰ হৈ শংকৰনগৰস্থিত শংকৰদেৱ সত্ৰত সামৰণি পৰে। এই বাটৰ হোলী প্ৰতিযোগিতা চাবলৈ প্ৰতিযোগিতাস্থলীৰ লগতে পথৰ দুয়োকাষে ভৰি পৰে অগনন ৰাইজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in