শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

ওদালগুৰি গোলমাগাওঁ হাইস্কুলত নিশালৈকে চলিল ভোটদান

কেবাটাও কেন্দ্ৰত ইভিএম বিসংগতিত কিছু পলম ভোটগ্ৰহণ প্ৰক্ৰিয়া

35

ডিজিটেল সংবাদ, ওদালগুৰিঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি বিধানসভা সমষ্টিৰ গোলমাগাও হাইস্কুল প্ৰাঙ্গণৰ ভোটগ্ৰহণ কেন্দ্ৰত নিশালৈ চলিল ভোটদান প্ৰক্ৰিয়া। ভোটকেন্দ্ৰটোত আছিল সৰ্বমুঠ ১,১২৭টা ভোট। পুৱা ৭ বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হয় যদিও ইভিএম মেচিন বিকল হোৱাত বিকল্প ইভিএম সংযোগ কৰিব লগা হয়। যাৰ ফলত বহু পলমকৈহে আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া। ইয়াৰোপৰি ভোটদান কাৰ্য বহু লেহেমীয়া হোৱাত নিৰ্দিষ্ট সময়ৰ ভিতৰতো বহু ভোটাৰ বাহিৰত শাৰীপাতি থাকিব লগীয়া হয়।

সন্ধিয়া ৭-৩০ বজাতো ভোটকেন্দ্ৰটোত শেষ হোৱা নাই ভোটদান প্ৰক্ৰিয়া। নিশা ৯ বজালৈ ভোটগ্ৰহণ চলাৰ সম্ভাৱনা আছে ভোটকেন্দ্ৰটোত। ইফালে নিৰ্দিষ্ট সময় উকলি যোৱাত ভোট গ্ৰহণ কেন্দ্ৰটোৰ বিদ্যালয়ৰ গেট বন্ধ কৰি দিয়াত বহু ভোটাৰ বাহিৰত থাকি যায়। যাৰ বাবে সেইসকল ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হব লগা হয়। আনহাতে ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰটোত ৰাতিপুৱা ইভিএম বিসংগতিৰ বাবে কিছুসময়ৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ থকাৰ লগতে বনগাওঁ হাইস্কুল আৰু ওদালগুৰি বাপুজী নগৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনৰ ভোটগ্ৰহণ কেন্দ্ৰ দুটাটো ভোটগ্ৰহণৰ পূৰ্বে কিছু সময় ইভিএম বিসংগতিৰ বাবে বন্ধ থাকে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

অৱশ্যে পিছত ইভিএম বিশেষজ্ঞই গৈ মেচিনসমূহ পুনৰ সক্ৰিয় কৰাত পুনৰ কিছু পলমকৈ ভোটদান আৰম্ভ হোৱা বুলি উপস্থিত প’লিং, প্ৰিজাইডিং বিষয়াসকলে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে জিলাখনৰ তিনিওতা সমষ্টিতে আনকেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন সাময়িক ভাৱে ব্যাহত হয়। যাৰ বাবে সেই কেন্দ্ৰ সমূহত কিছু পলমকৈ অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি