ওদালগুৰিত চৰকাৰী ৰেচন বিতৰণত অনিয়মৰ অভিযোগ…

ওদালগুৰিত চৰকাৰী ৰেচন বিতৰণত অনিয়মৰ অভিযোগ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভয়ংকৰ মহামাৰী কোৰোনা সংক্ৰমণ ৰোধৰ বাবে ২৪ মাৰ্চৰ নিশাৰ পৰা দেশজুৰি অব্যাহত আছে তলাবন্ধ কাৰ্যসূচী। কিন্তু এই তলাবন্ধ কাৰ্যসূচীৰ মাজত একাংশ দৰিদ্ৰ পৰিয়ালে দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল বিশেষ পেকেজ।

সেই পেকেজ অনুসৰি ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৫৮ লাখ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰাৰ কথা ঘোষণা কৰিছিল। ইফালে বিটিএডি অঞ্চলত নিৰ্বাচনী অধিসূচনা জাৰি থকাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগৰ সৈতে আলোচনা মৰ্মে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি যোৱা বুধবাৰৰ পৰা বিটিএডিৰ ওদালগুৰি জিলাতো অসম চৰকাৰৰ তত্বাৱধানত বিতৰণ কৰা হৈছে সাহায্য।

কিন্তু ওদালগুৰি চহৰত এই সাহায্য প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ ৰাজনৈতিক দলৰ কৰ্মীয়ে বিতৰণ প্ৰক্ৰিয়াত নিজৰ খেয়ালখুচি অনুযায়ী তালিকা প্ৰস্তুত কৰি সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া অব্যাহত থকাৰ অভিযোগ উত্থাপন কৰি ৪ নম্বৰ ৱাৰ্ডত সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে চহৰখনৰ ১ নম্বৰ ৱাৰ্ডত ৰাজনৈতিক কৰ্মীৰ ঘৰ ঘেৰাও কৰি ক্ষোভিত একাংশ মহিলাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।

ওদালগুৰি চক্ৰ বিষয়াৰ প্ৰত্যক্ষ হস্তক্ষেপত বিতৰণ কৰা অসম চৰকাৰৰ এই সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত একাংশ বিপিএফ কৰ্মী জড়িত থকাৰ কথা ৰাইজে সাংবাদিকৰ সন্মুখত অৱগত কৰি ৰাজ্যৰ এই ভয়ংকৰ পৰিস্থিতিৰ সময়ত এনে সাহায্য বিতৰণ প্ৰক্ৰিয়াত ৰাজনীতি নকৰিবলৈও সকলো পক্ষকে সকীয়নি প্ৰদান কৰে।

আনহাতে সাহায্য বিতৰণ কাৰ্যসূচীত দেখা গ'ল চৰকাৰী নীতি-নিয়ম উলংঘনৰ দৃশ্য। কোনো সামাজিক দূৰত্ব মানি নচলি তথা মাস্ক পৰিধান নকৰাকৈ বহু লোক এনে বিতৰণস্থলীত উপস্থিত থাকে। ইফালে চহৰখনত একাংশ লোকে এই সাহাৰ্য্যসমূহ বিপিএফ দলৰ দ্বাৰা বিতৰণ কৰা বুলি প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহে প্ৰকৃত তথ্য।

ঘটনা সন্দৰ্ভত ওদালগুৰি জিলা প্ৰশাসনৰ লগতে যোগান বিভাগে স্পষ্ট কৰি কয় যে- এয়া কোনো ৰাজনৈতিক দলে বিতৰণ কৰা সামগ্ৰী নহয়। এয়া পূৰ্বৰ ঘোষণা অনুযায়ী অসম চৰকাৰে বিতৰণ কৰা সামগ্ৰীহে। চৰকাৰী সামগ্ৰী বিতৰণৰ প্ৰক্ৰিয়াত কিদৰে একাংশ ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে নিজৰ খেয়ালখুচি মতে তালিকা বনাই সামগ্ৰী বিতৰণ কাৰ্যত জড়িত হৈছে সেয়া ৰহস্যৰ বিষয়। ৰাজ্যৰ এনে সংকটৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্যৰ নামত একাংশ ৰাজনৈতিক দলৰ কৰ্মীয়ে ৰাজনীতিৰ ৰহণ সানিব বিচৰা কাৰ্যত সকলোৱে গৰিহণা প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in